(68)#প্ৰকৃতিৰ_অলংকাৰ
পুৱা তেতিয়া ৬ মান বাজিছিল। ৰবি বাৰ। আমি সপৰিয়ালে গোলাঘাটৰ যোগীবিলত উপস্থিত হৈছিলোগৈ। বিলখনৰ সেউজ স্নিগ্ধতাই আমাৰ মনবোৰ চুইছিলে। পৰাণ জুৰ পৰিছিলে। কি শান্ত সমাহিত পৰিৱেশ! বিলৰ পাৰবোৰ জিৰাই থকা শৰালিৰ জাকে ঢাকি ৰাখিছিল। মাজে মাজে কিছুমানে আকৌ ঘাঁহ-বন খোৱাত ব্যস্ত। ধকধকীয়া বগা বৰবগ কেইটামানে স্থিৰ চিত্ৰ এখনৰ দৰে মৎস্য সন্ধানত একান্ত মনে ব্যস্ত আছিল। কনমানি মাছৰোকা দুটামানে বিলখনৰ ইমূৰৰ পৰা সিমূৰলৈ বেগাই তহল দি হুইছেলৰ দৰে আৱাজ কৰি সিহঁতৰ উপস্থিতি জাহিৰ কৰি ফুৰিছিল। টেলটুপী কেইটামানে আকৌ বতাহতে হালি জালি কিনো লয়লাসে ওমলিছিল।
হঠাৎ শৰালি জাকৰ আশে পাশে হাঁহৰ দৰে কৃষ্ণ বৰ্ণৰ কেইটামান চৰাই চকুত পৰিল। মূৰটো দুপিয়াই দুপিয়াই সাতুৰিছে। কেইটামানে আকৌ শৰালিৰ জাকৰ মাজতেই বনজ উদ্ভিদৰ সন্ধান কৰিছিলে। মূৰৰ সমুখৰ কপাল অঞ্চল গাঢ় ৰঙা। উজ্জ্বল হৈ জিলিকিছিল ৰঙা ফোটৰ দৰেই। ঠোঁটৰ আগটো হালধীয়া। কিযে বিচিত্ৰ সৃষ্টি সৃষ্টিকৰ্ত্তাৰ! মূৰ আৰু গলাত তিৰবিৰাইছিল কৃষ্ণ বৰ্ণ। পাখিবোৰ জপাই থোৱা অৱস্থাত বগা আঁচ কিছুমান চকুত পৰিল। নেজৰ ওপৰ অংশ ক’লা। পিছটো বগা। চকু ক’লা যদিও ৰঙা বলয়ৰে আবৃত। ঠেং আৰু পটা সেউজ-হালধীয়া। স্ত্রী-পুৰুষ দেখাত একেই। আকাৰত ডাউক চৰাইটিতকৈ সামান্য ডাঙৰ যদিও ডাউকৰ লগত অনেক সাদৃশ্য আছে। সেয়েই ইহঁতক পানী ডাউক বুলি কোৱা হয়। ইংৰাজীত “common moorhen” বোলে।
এদিন যোৰহাটৰ বিশাল চৰলাবিলত ইহঁতক দেখাৰ সৌভাগ্য হৈছিল। পানী ডাউকৰ জলকেলিৰ দৃশ্য উপভোগ কৰিছিলো। মাজে মাজে পানীমেটেকাৰ সেউজ দলিচা। সেইদিনা বিলৰ কম্পিত পানীৰ সান্নিদ্ধ্যলৈ আহিছিল আহাৰৰ চফল ৰ’দ। সাতুঁৰি-নাদুৰি ফুৰিছিল এজাক পানী ডাউক। সিহঁতৰ সঘনাই ডুব মাৰি মাছ বিছৰাৰ দৃশ্যই সততেই মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
আমাৰ দাঁতিকাষৰীয়া ভেট-পদুম থকা জলাহ অঞ্চল বিলাকতো পানী ডাউক সহজদৃষ্ট। তেনে এক জলাহ অঞ্চলত এদিন লক্ষ্য কৰিছিলো দুটি চৰাইয়ে সঘনাই দীঘল দীঘল ভেট ফুলৰ ঠাৰি বাৰে বাৰে নি ওখ ঘন ঘাঁহৰ মাজত সোমাইছেগৈ। নিশ্চয় সেইয়া পোৱালিৰ খাদ্য। জলাহ অঞ্চল বোৰত ফুলি থকা ভেট-পদুমৰ দৃশ্যই মন পুলকিত কৰেই। তাৰ মাজতেই আকৌ এই ধুনীয়া জলজ পক্ষীবোৰৰ বিচৰণ। সিহঁতৰ কল-কাকলিত সৃষ্টি হয় এক নান্দনিক পৰিৱেশৰ।
পানী ডাউক এবিধ থলুৱা জলচৰ পক্ষী। তথ্য অনুসৰি ভাৰত, পাকিস্তান, নেপাল, শ্ৰীলঙ্কা, চীন আদি দেশত বিস্তৃত। যুগে যুগে প্ৰকৃতিৰ সন্তান হৈ নিৰ্বিঘ্নে জীয়াই থাকক পানী ডাউক প্ৰকৃতিৰ কোলাত। তাৰেই কামনা কৰিলো। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏
Tell us about your thoughtsWrite message