বুঢ়াপাহাৰ আৰু চেগুন … এক চিৰকালৰ সম্পৰ্ক। চেগুন (Tectona grandis) ফুলাৰ লগে লগে বৰ্ষাপৰশা বুঢ়াপাহাৰ আকৌ যৌৱনপ্ৰাপ্ত হয়। গাঢ় সেউজীয়া পাতৰ কোলাত থোপা থোপে ফুলি থকা মাখনৰঙি ফুলবোৰ দেখি মনত পৰিছিলে “চেগুন ফুলৰ সৈতে” কবিতাটি। মাজে মাজে পথৰ কাষৰ বিস্তীৰ্ণ পথাৰৰ সেউজৰ শেষত থিয়দি ডাল ভৰি ভৰি ফুলি আছে অলেখ চেগুন। জখলাবন্ধালৈকে দেখা এই দৃশ্য দৃষ্টিনন্দন। অনুভৱ কৰিছিলো চেগুনৰ অপৰূপ সৌন্দৰ্য আৰু অৰণ্যৰ প্ৰেমভৰা মাদকতা ….



Tell us about your thoughtsWrite message