আমাৰ অলক্ষিতেই আমাৰ চৌপাশৰ প্ৰকৃতিখন বহুতো পৰিঘটনাৰে পৰিপুষ্ট। শিকিব লগীয়া আছে বহু কথা! কিমান যে তৰহৰ গছ-গছনিৰ মন পৰশা শ্যামলিমা, চিত্ৰ-বিচিত্ৰ চৰাই-চিৰিকটিৰ বৰ্ণিল আভা ইত্যাদি ইত্যাদি।
নতুন পক্ষীৰ দৰ্শনে মোক এক অনামি আনন্দ দিয়ে। তেনে এটা উদ্দেশ্যতে এটা বন্ধ বাৰত (১৬ চেপ্তেম্বৰ, ২০২৩) ওলাই গৈছিলো যোৰহাটৰ চৰলাবিল অঞ্চললৈ। আমি গৈ পটীয়া চৰলাৰ পকী দলঙৰ ওচৰ পাওঁতেই কাণত পৰিল এটা শব্দ….”চিৰ্-ৰ্-ৰ্”…. চকুত পৰিল এটি আগতে নেদেখা চৰাই। বৈদ্যুতিক তাঁৰত বহি আছে। আকাৰত বুলবুলি চৰাইটিৰ সমান। নাম “এৰাখাতী”। ইংৰাজীত কোৱা হয় “Shrike”। চৰাইটিৰ কৃষ্ণ বৰ্ণৰ ঠোঁটটিৰ গঠন চিকাৰী চৰাইৰ দৰেই। চৰাইটিৰ দুচকুত কাজল সনা যেন লাগে। সেয়েই হয়তো কোনো অঞ্চলত “কাজল পক্ষী” বুলিও কয়। মূৰৰ আৰু পিঠিৰ কিছু অংশ ধোৱা বৰণৰ।
তথ্য অনুসৰি অসমত এইবিধ চৰাইৰ তিনি প্ৰকাৰৰ প্রজাতি পোৱা যায় (long tailed Shrike, Grey backed Shrike, brown Shrike)। ছেপ্টেম্বৰত চৰলাবিল অঞ্চলত দেখাৰ সৌভাগ্য হোৱা চৰাইটি হৈছে দীঘল নেজি এৰাখাতী। অন্য হাতেদি Grey backed Shrike চকুত পৰিছিল আমাৰ ঘৰৰ প্ৰাংগনত যোৱা বছৰৰ অক্টোবৰ মাহত। ঠিক পুজাৰ আগে আগেই এই চৰাইৰ উপস্থিতিয়ে শীতৰ আগমণৰ ইংগিত বহন কৰে। কোনো কোনোৱে এই চৰাইবিধক শীতকালীন অতিথি (winter visitor) বুলিও কয়।
এই চৰাইবিধ দুৰ্দান্ত চিকাৰী। চিকাৰ ধৰি আনি কৌশলগত ভাৱে ভক্ষণ কৰে। মৌমাখি, ফৰিং, জেঠী আদি ধৰি আনি প্ৰথমে গছৰ কাইটত গুজি থয়। তাৰ পিছত টুকুৰা টুকুৰ কৰি চিকাৰৰ মাংস ভক্ষণ কৰে। ইহঁতক কচাই চৰাই বুলিও কয়।
এই চিকাৰী চৰাইটি আজিকালি কমকৈ দেখা পোৱা যায়। ইহঁত পূর্ব, দক্ষিন ভাৰত, বাংলাদেশ ও শ্ৰীলঙ্কা আদি দেশত বিস্তৃত। এৰাখাতী চৰাইটি
জীয়াই থাকক আমাৰ প্ৰকৃতিৰ কোলাত কুশলে। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏






Tell us about your thoughtsWrite message