এতিয়া আহিন। সেউজ স্নিগ্ধ পুৱা পথাৰৰ বুকুত আলফুল নিয়ৰ কণাৰ স্পৰ্শ আৰু মাজে মাজে কহুঁৱাই আকিছে শুভ্ৰ ছবি। এইয়া আসন্ন শৰতৰ ইংগিত। প্ৰাতঃভ্ৰমণ কৰোতে ফিৰফিৰিয়া বতাহ ছাটিৰ মৃদু-মধুৰ শীতল স্পৰ্শই হিয়া মন চুই যায়। পথাৰবোৰৰ ওপৰেদি যোৱা বৈদ্যুতিক তাঁৰ বিলাক লক্ষ কৰিবচোন। সহজেই চকুত পৰিব কনমানি চৰাইৰ জাক। নাম টেলটুপী বা চাতক (Barn Swallow)। দহ-বাৰটা একেলগে বহি মেল পতাৰ দৰে বহুপৰ মিঠা কোৰ্হাল কৰি চিঞৰি থাকে। কোনোবাটোৱে পাখি জোকাৰি গা চফা কৰিছে। কেইটামানে আকৌ সেউজ পথাৰৰ মাজে মাজে ইটোৱে সিটোক খেদি দেওদি দেওদি বতাহতে হালি জালি উৰিছে। উৰামৰাৰ চলেৰে ইহঁতে আকৌ উৰন্ত পোক-পতংগ, উইচিৰিঙা আদিও ধৰে। মুঠতে আহৰি নাই এই চঞ্চল তেলটুপীৰ। হয়তো সিহঁতৰ আনন্দ শৰতৰ আগমনক লৈ।
শৰতৰ এই প্ৰাক মুহূৰ্তত আপুনি যদি দীপৰ বিল বা চৰলাবিল বা যোগীবিল আদিলৈ যায় তাত অসংখ্য তেলটুপী চৰাইৰ জাক দেখা পাব। বিলৰ পাৰৰ বৈদ্যুতিক তাঁৰত শাৰি পাতি বহি থকা নীলা-বগা ৰঙৰ তেলটুপীৰ দৃশ্যই মন চুই যায়।
ইহঁতৰ দেহৰ ওপৰ অংশ নীল-বৰণীয়া। কপাল আৰু ডিঙি ৰঙচুৱা। দেহৰ তলৰ অংশ বগা চানেকীয়া। বুকুত বহল আৰু গাঢ় নীলা আঁচ এডাল থাকে। জোঙা দিঘলীয়া নেজ ডাল দকৈ কেছিৰ দৰে খাঁজকটা। নেজৰ ওপৰৰ ফালে বগা দাগেৰে এডাল দীঘলীয়া আঁচ থাকে।
এই তেলটুপীৰ অসমীয়া সংস্কৃতিৰ লগত আছে ওতঃপ্ৰোত সম্পৰ্ক। বিখ্যাত ব্যক্তি মঘাই ওজাৰ ঢোলৰ চাপৰত বাজি উঠিছিল “তেলটুপী হাট”….
“শুনিওক সৰ্বজন আমাৰ বচন
তেলটুপীৰ জন্ম কথা শুনা সৰ্ব্বজন
একদিনা দেৱগণে যজ্ঞ পাতিছিলে
যজ্ঞ হন্তে দুটোপ তেল ভূমিত পৰিলে
সৃষ্টি ৰক্ষা হেতু ব্ৰহ্মাই হাত ফুৰাই দিলে
দুটোপ তেল হন্তে দুটি পক্ষী বাজ ভৈলে
দুটি পক্ষী আহি পৃথিৱীত পৰিলে
নৈৰ গৰাত খুৰুং সাজি থাকিবলৈ লৈলে
একদিনা দুটি পক্ষী বিহাৰ কৰিলে
বিহাৰ কৰন্তে পাছে দুটি ডিম্ব বাজ ভৈলে
উমাই-ঘূমাই দুটি ডিম্ব পক্ষী বাজ ভৈলে
লাহে লাহে দুটি পক্ষী টোপ খাব লৈলে
তেলটুপী বাই হেৰা তেলটুপী বাই
বছৰেকৰ মূৰত এবাৰ পোৱালি জগাই”।এনেকৈয়েই তেলটুপী চৰাইটিয়ে অসমীয়া সাহিত্য আৰু সংস্কৃতিত বিশেষ স্থান দখল কৰিছে।
চৰাই বিধ খাল-বিল আদি জলাহভূমিৰ কাষত সহজদৃষ্ট। টেলটুপী বহুল ভাৱে বিস্তৃত। তথ্য অনুসৰি ইহঁতক ইউৰোপ, এছিয়া, আফ্ৰিকা আৰু আমেৰিকাত পোৱা যায়। তেলটুপীৰ বিচৰণ প্ৰকৃতিৰ কোলাত অটুট থাকক। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏









Tell us about your thoughtsWrite message