২৫ ছেপ্তেম্বৰ, ২০২৩। কৰম পূজাৰ বাবে চৰকাৰী বন্ধ। গতিকেই মই ওলাই গৈছিলো নতুন পক্ষীৰ সন্ধানত। লক্ষ্যস্থান চৰলাবিল (বা বৰ চলা)। এইবাৰৰ উদ্দেশ্য আছিল ‘হয়কলি’ৰ সন্ধান। ইংৰাজীত কোৱা হয় “Swamp Francolin”। প্ৰথমে পটীয়াচৰলা বিলখনৰ ওচৰ পালোগৈ। চকুত পৰিল বৈদ্যুতিক তাঁৰত উমলি-জামলি থকা শাৰী শাৰী অসংখ্য তেলটুপীৰ জাক। ৰ’দ চোকা। এজোপা গছৰ ছাঁত ৰ’লো গৈ। একেবাৰেই শান্ত পৰিৱেশ। নাই কোনো হাই-উৰুমি। কেৱল নিস্তব্ধতা। ব্ৰহ্মপুত্ৰৰ পৰা চৰলাবিলৰ ওপৰেদি বৈ আহিল দেহ-মন শাঁত পৰি যোৱা শীতল বতাহজাক। গছৰ পাতত বতাহৰ হো-হোৱনিৰ শব্দ। মাজে মাজে চৰাইৰ কাকলিয়ে নিস্তব্ধতা ভঙ্গ কৰে। কাষৰ বিলখনৰ পৰা মাছৰ খলকনিৰ শব্দও শুনা পালো। আৰু মাজে মাজে মোৰ উশাহ নিশাহৰ শব্দ। গতানুগতিক ব্যস্ততাৰ মাজত এনে নিৰৱতা মোৰ কাম্য। সেয়েই হয়তো এই অঞ্চল মোৰ বৰ প্ৰিয়।
এই সেমেকা জলাহ অঞ্চল বিভিন্ন প্ৰজাতিৰ চৰাইৰ বিচৰণ স্থলী। পানী কাউৰী, ফেচু, মণিয়ৰি, মৌখোৱা, তেলটুপী, এৰাখাতী আদি চৰাইৰ ফটোগ্ৰাফী কৰিলো। বিলখনৰ কাষৰ ঘাহঁনিত বালিঘোঁৰা, কাম চৰাই, দলপুঙা চকুত পৰিল। পক্ষীৰ ভিন্ন ৰংবোৰে মন জীপাল কৰি তোলে। দুই এখন ফটো ল’লো।
কিন্ত্ত মোৰ উদ্দেশ্য আছিল ‘হয়কলি’ৰ ফটোগ্ৰাফ লোৱা। ক’তো এটিও নেদেখিলো। আশা এৰি নিদিলো। এসপ্তাহ আগতে এই সেমেকা ঘাঁহনিত এজোৰ হয়কলি চকুত পৰিছিল। ওচৰৰে গোহাঁই গাঁৱৰ মথাউৰিৰ কাষৰিয়া অঞ্চলত ‘হয়কলি’ চৰাই দেখা যায়। ভূ লৈ গম পালো ৰাস্তা বেয়া হৈ আছে। আগদিনাখন বৰষুণ দি যোৱাৰ বাবে তাত গাড়ী নচলে। সেয়েই এইবাৰ অলপ আশা নিৰাশাৰ মাজেৰে ককিলামুখৰ ফালৰ নিৰ্জন পথটিৰে লাহে লাহে আগুৱালো কিছুদূৰ। দুয়োফালে বৰ বৰ গছৰ আস্বাদন। গহীন পৰিৱেশ। দুয়োফালে বিস্তীৰ্ণ দলনী। মাজে মাজে ওখ ওখ নল-খাগৰিৰ জাৰণি। ইয়াত হেনো কেতিয়াবা ফুটুকী বাঘো ওলাই।
গৈ থাকোতে হঠাৎ চকুত পৰিল ৰাস্তাৰ কাষত কুকুৰাৰ দৰেই শান্ত স্বভাৱৰ দুটি পক্ষী। ৰাস্তাৰ ঠিক কাষতেই এখুজি দুখুজিকৈ খাদ্যৰ সন্ধান কৰিছে। নিশ্চয় গছৰ তলসৰা গুটি বা পোক-পতংগ। চৰাই দুটি গতিবিধিত অলপ লাজকুৰীয়া স্বভাৱৰ। মই গাড়ী অতি সন্তৰ্পণে ৰখালো সিহঁতে গম নোপোৱাকৈ। চৰাই দুটি নিৰীক্ষণ কৰিলো।
ঠোঁট ধোৱা-ক’লা বৰণৰ। দেহৰ তলৰ অংশত ডাঠ বগা আঁচ আছে। চৰাই দুটিৰ পিঠি আৰু ডেউকাৰ অংশ ক’লা আৰু মুগা বৰণৰ পাখিৰে আবৃত। ঠেং কুকুৰাৰ ঠেঙৰ দৰেই ঈষৎ হালধীয়া আৰু দীঘল। তথ্য অনুসৰি ইহঁত ব্ৰহ্মপুত্ৰ উপত্যকাৰ থলুৱা চৰাই। ইহঁতক প্ৰথম পটিয়া চৰলাবিলৰ কাষৰ ওখ আৰু সেমেকা ঘাঁহনি অঞ্চলত দেখা পাইছিলো। কুকুৰাৰ দৰেই ঘাঁহ-বন খুঁচৰি পোক-পতংগৰ সন্ধান কৰিছিল। চৰলাবিল আৰু পটীয়া চৰলাক দুভাগ কৰা এই নিৰ্জন আলিত দ্বিতীয় বাৰৰ বাবে দেখিলো হয়কলিক। অলপ সময়ৰ পিছতেই চৰাই দুটি লাহে লাহে ৰাস্তাৰ তললৈ ঠিয় গড়াইদি নামি গ’ল। মইও সিহঁতৰ পিছে পিছে গ’লো। লক্ষ্য কৰিলো কাষৰ দ বোকাময় খাৱৈলৈ সিহঁত নামি গ’ল। অৰ্থাৎ ইহঁতে সেমেকা অঞ্চল পছন্দ কৰে।
থলুৱা যদিও চৰাইবিধ বৰকৈ দেখা পোৱা নাযায়। ইয়াৰ সম্ভাব্য কাৰণ সেমেকা ঘাঁহনি অঞ্চলৰ ক্ৰমাগত হ্ৰাস। তথা ইহঁতে নিৰ্জন অঞ্চলত বিচৰণ কৰে। তেনে অঞ্চলো কমি আহিছে। আশা কৰিম হঁয়কলি প্ৰকৃতিৰ কোলাত কুশলে জীয়াই থাকক। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏
Back to
Top
Tell us about your thoughtsWrite message