সেইয়া আছিল আহিনৰ এটি কোমল পুৱা। সুৰ্য্যৰ ৰ’দত চৌদিশ জলমল। যোৰহাটৰ পৰা দেৰগাঁওমুখে যাত্ৰা কৰিছিলো ৰাষ্ট্ৰীয় ঘাইপথেৰে। পথৰ দাঁতিৰ গেৰ ধৰা ধানৰ সেউজ পথাৰত নানাবিধ চৰাইৰ দেওদি উৰাৰ দৃশ্যবোৰে মনটোক সততেই আকৰ্ষণ কৰিছিল। চুকাফা কলাক্ষেত্ৰৰ সমিপৱৰ্তী সেউজ ঘাহঁনিৰ ওপৰত থকা বৈদ্যুতিক তাঁৰত মোৰ চকু থৰ হ’ল। কি মোৰ সৌভাগ্য! আগতে কেতিয়াও নেদেখা এটি চৰাই!
আকাৰত কপৌ চৰাইতকৈ সামান্য ডাঙৰ। বহাৰ ভংগীটোও ৰাজসিক। ধেনুভিৰীয়া ঠোঁটটোৰ গঠন চিকাৰী চৰাইৰ দৰেই। ঠোঁটৰ কাষৰ অঞ্চল ঈষৎ হালধীয়া। ডাঙৰ চকুযুৰিত আছে কাজল ক’লা চেলাউৰি। উজ্জ্বল ৰঙা বলয় আছে চকুৰ মণিত। চাৱনিত তীক্ষ্ণ। মূৰৰ অংশ বগা। ডিঙিৰ অংশও উজ্জ্বল বগা। পিঠিৰ অংশ ধোৱা বৰণৰ। দেউকাত ক’লা আঁচ আছে। বুকুৰ অংশ ঈষৎ বগা। নেজ কিছু অংশলৈকে বিভক্ত। চৰাইটি তাৰ গতিবিধিত বৰ সক্ৰিয়।
ভাৰতৰ বিখ্যাত পক্ষীবিদ Sálim Ali ৰ “The Book of Indian Birds” শীৰ্ষক কিতাপখনত এই চিলনী চৰাই বিধক “kapassi” বুলি অভিহিত কৰিছে। হিন্দী ভাষাত “कापश” মানে “কপাহ”। পদ পৰিবৰ্তন কৰি “कापशी”। এই নামাকৰণৰ মূলতেই ইহঁতৰ দেহৰ বেছিভাগ অংশই কপাহৰ দৰে বগা। একেটা কাৰনতেই নিশ্চয় বংগ ভাষাত-“কাপাসি চিল” নামেৰে পৰিচিত। এই চিলনীৰ অসমীয়া ভাষাত অৱশ্যে নামটো মোৰ জ্ঞাত নহয়। ইহঁতৰ ডেউকাৰ ৰং ক’লা হোৱাৰ হেতু হয়তো ইংৰাজীত নাম পালে “Blackwinged Kite”।
ইহঁত চিকাৰী চৰাই। ইহঁতৰ খাদ্য তালিকাত আছে ফৰিং, জেঠী, নিগনি ইত্যাদি। চিকাৰৰ সন্ধানত শস্যৰ পথাৰ, ঘাহঁনি বা আবাদীপূৰ্ণ অঞ্চলত ইহঁতক আকাশত উৰন্ত অৱস্থাত বা বৈদ্যুতিক তাঁৰত অপেক্ষাৰত অৱস্থাত দেখা পোৱা যায়। চিকাৰ দেখা মাত্ৰেই চোঁ মাৰি নামি আহি ধৰি নিয়ে।
তথ্য অনুসৰি সুদুৰ হিমালয়ৰ পাদদেশ অঞ্চলৰ পৰা আৰম্ভ কৰি সমগ্ৰ ভাৰত বৰ্ষতে এইবিধ চিলনী পোৱা যায়। নেপাল, বাংলাদেশ, পাকিস্তান, শ্ৰীলংকা, ম্যানমাৰ আদি ঠাইত ই বিস্তৃত। ই ঠলুৱা চৰাই যদিও স্থানীয়ভাৱে পৰিভ্রমী।
এই চিকাৰী পক্ষীটি নিৰাপদে জীয়াই থাকক প্ৰকৃতিৰ কোলাত। তাৰেই কামনা কৰিলো। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏
Back to
Top
Tell us about your thoughtsWrite message