আমাৰ অলক্ষিতেই আমাৰ চৌপাশৰ জগতখন যে কিমান চিত্ৰ-বিচিত্ৰ! যেন এখন জীৱন্ত বিশ্বকোষ (encyclopedia)। গ্ৰন্থৰ বিপনীত বিচৰাৰ কোনো আৱশ্যক নাই। প্ৰয়োজন মাথো অকনমান সময়। অলপ মনোনিবেশ। আজৰি সময়ত কেমেৰা লৈ ওলাই যাও। চৰাই-চিৰিকতি, গছ-গছনি, প্ৰাকৃতিক দৃশ্যৰ ফটোগ্ৰাফীয়ে পৃথিৱীখনক নতুনকৈ পৰিচয় কৰাই দিয়ে। চকুত ধৰা দিয়ে এখন নান্দনিক সৌন্দৰ্যৰে ভৰপূৰ নতুন পৃথিৱী।
এতিয়া আহিন। সেউজ পথাৰৰ স্নিগ্ধ শ্যামল শোভাই চুই যায় মোৰ মন। নীল আকাশ খন্তেকলৈ সেউজীয়া কৰি উৰি যোৱা উত্ৰাৱল ভাটৌৰ জাকে মনলৈ আনে এক অজান শিহৰণ। সচাঁই প্ৰকৃতিখন যে বৰ চিত্ৰ-বিচিত্ৰ!
আহিনৰে এটি শান্ত পুৱাৰ কথা ক’বলৈ গৈছো। আমাৰ ঘৰৰ কাষৰ শিলিখা জোপা পুৱাই উঠি চোৱাটো মোৰ স্বভাৱত পৰিনত হৈছে। ডাল ভৰি ভৰি লাগি আছে পৈনত শিলিখা। ফল ভক্ষণ কৰাৰ উদ্দেশ্যে গছজোপালৈ বিভিন্ন চৰাইৰ আগমন ঘটে। এদিন পুৱা চাৰিওদিশে ৰজনজনাই যোৱা ভাটৌৰ গহীন মাত গছজোপাৰ পৰা ভাঁহি আহিছিল। গছৰ ডালত বহি অবিশ্ৰাম ৰাৱ কাঢ়ি আছিল। মাতৰ পৰা গম লৈ গছত চকু থ’লো। দৰ্শন পোৱাৰ সৌভাগ্য মিলিলে। ভাটৌবিধৰ নাম ৰাজ ভাটৌ বা ভোলা ভাটৌ (Alexandrine or large Indian Parakeet)।
আকাৰত সচৰাচৰ দেখা “টিয়া ভাটৌ” চৰাইতকৈ অলপ ডাঙৰ। গাৰ ৰং কুমলীয়া ঘাঁহৰ দৰে সেউজীয়া। পাতৰ লগত মিলি থাকে চৰাইটি। নেজডাল দীঘল। ডেউকা দুখনৰ পাখিত ৰঙা পটী চকুত পৰিল। ইয়াৰ আকাৰ আৰু ডেউকাৰ ৰঙা পটীয়ে চৰাইটিক অন্য ভাটৌৰ পৰা পৃথক কৰিছে। ডাঙৰ ঠোঁটটো টিকটিক কৰে ৰঙা। ঠোঁটৰ তলৰ পৰা গলালৈকে ক’লা দাগ আছে। ডিঙিৰ ওপৰ অংশত বহল ৰঙা পটী দৃশ্যমান। হেপাহ পলুৱাই ফটো ল’লো।
মাতৃ ৰাজ ভাটৌৰ সম্পৰ্কে পক্ষীবিদ Sálim Ali ৰ “The Book of Indian Birds” শীৰ্ষক কিতাপখনত বিশেষ তথ্য উল্লেখ আছে—“The female lacks the rose-pink and black collar of the male.”
দ্ৰুত আধুনিকীকৰণৰ লগে লগেই ইহঁতক এতিয়া কেৱল অৰণ্যতহে দেখা পোৱা যায়। অৱশ্যে খাদ্যৰ সন্ধানত ইহঁতে মাজে সময়ে পৈনত ফল-মূল সমৃদ্ধ গছ-গছনিৰে ভৰা অঞ্চলত ভুমুকি মাৰেহি। কাজিৰঙাত এইবিধ ভাটৌ অৱশ্যে সহজদৃষ্ট। তথ্য অনুসৰি ৰাজ ভাটৌ সমগ্ৰ ভাৰতবৰ্ষ, বাংলাদেশ, শ্ৰীলংকা, ম্যানমাৰ আদি দেশত বিস্তৃত।
এই ৰাজ ভাটৌ আমাৰ প্ৰকৃতিত শান্তিৰে আৰু নিৰ্ভয়ে জীয়াই থকাৰ কামনা কৰিলোঁ। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏
Back to
Top
Tell us about your thoughtsWrite message