যোৱা বছৰৰ কথা। অলপ ঠাণ্ডা পৰিছিল। ডিচেম্বৰ মাহ। ল’ৰালিৰ বন্ধু এজনৰ সৈতে ওলাই গৈছিলো চৰলাবিললৈ পক্ষী দৰ্শনৰ উদ্দেশ্যে। পথৰ কাষৰ নিয়ৰত সিক্ত দুবৰি ছিকমিকাইছিল পুৱাৰ ৰ’দৰ পৰশত। বন্ধৰ দিনত চৰলাবিল অঞ্চলত ভুমুকি মৰাটো মোৰ স্বভাৱত পৰিনত হৈছে। ইয়াৰ নিৰৱ-নিস্তব্ধ পৰিৱেশ আৰু পক্ষীজগতৰ নান্দনিক দৃশ্যবোৰে মোক আকৰ্ষণ কৰে। ইয়াত চৰাইৰ ভিন্ন মাত শুনাৰ সৌভাগ্য হয়।
অৱশেষত আমি গৈ চৰলাবিল পালোগৈ। চকুত পৰিল চৰলাবিলৰ স্থিৰ জলৰাশি। বিলৰ পানীলৈ চাই লগৰীয়া বন্ধু জনে চক খাই উঠিল। তেওঁৰ মুখত অলপ ভয় মিশ্ৰিত অস্ফুট শব্দ এটা ওলাই আহিল…”পানীৰ মাজত সৌটো সাপ!.. মূৰ উলিয়াই আছে”…মই লগালগ তেওঁক নিঃশব্দে ঠাকিবলৈ ইংগিত দিলো। ক’লো “এইটো স্নেক বাৰ্ড; সাপ নহয়”। চৰাই বুলি গম পাই তেওঁৰ ভয় ভাগিল। আমাৰ উপস্থিতিৰ উমান পাই চৰাইটোৱে পানীত ডুব মাৰিলে।
অন্য এদিনৰ কথা। আমি সপৰিয়ালে চৰলাবিলৰ (বৰচলা) কাষৰ বৰআলিহৈ নিমাতী অভিমুখে গৈ থাকোতে পৰিবাৰে বিলৰ পানীৰ ফালে আঙুলিয়াই দিলে। চকুত পৰিল একেই দৃশ্য। সেই একেই স্নেক বাৰ্ড (Snakebird বা darter)। অসমীয়াত এই চৰাইবিধৰ নাম “মণিয়ৰি”। মাজে মাজে পানীত ডুব মাৰি মাছ ধৰে আৰু মাজে মাজে অত্যাধিক দীঘল ডিঙিটো পানীৰ পৰা উলিয়ায়। মই কেইবা কপিও ফটো ল’লো মণিয়ৰি চৰাইটিৰ।
এতিয়া আঘোণ মাহ। ৰবিবাৰ এটাত পুনৰ চৰলাবিলৈ গ’লো। বিলখনত সৰু-বৰ হাঁহ, পানী কাউৰী, কণা-মুছৰি আৰু বৰবগ আদিয়ে বিচৰণ কৰিছে। সিহঁতৰ ডেউকা কোবাই উৰি যোৱাৰ দৃশ্যই মোক সততেই আকৰ্ষণ কৰিছিল। মাজে মাজে মোৰ কেমেৰাৰ লেন্সত ধৰা দিয়েহি চঞ্চল শৰালিৰ জাক। পাৰত আছে কাম চৰাই। খুতিত বহি আছিল পানি কাউৰী কেইটামান। পৰিভ্রমী চাকৈ-চকোৱাও চকুত পৰিল।
দুৰৈৰ পানীমেটেকাৰ কাষত বিলৰ পানীৰ মাজৰ বাহৰ খুটি এটাৰ ওপৰত ক’লা ৰঙৰ ডাঙৰ চৰাই এটা ৰৈ আছে। কেমেৰাৰ লেন্সত ফ’কাচ কৰিলো। চকুত পৰিল এটা মণিয়ৰী চৰাই। এক ধ্যানে বহি আছে। অলপ সময়ৰ পিছত ডেউকা জোকাৰি পানীৰ টোপালবোৰ পাখিৰ পৰা আঁতৰাইছে। মই ধৈৰ্য্যৰে অপেক্ষা কৰিলো তাৰ বিভিন্ন ভংগীমালৈ। ইহঁতৰ হালধীয়া ঠোঁটটো অত্যাধিক জোঙা। দীঘল ডিঙিটো মুগা-সোণালী বৰণৰ। ডেউকাৰ ওপৰ ভাগৰ পাখিত আছে ৰূপালী বোল। নেজ দেহৰ আকাৰৰ তুলনাত চুটি। এটি সুন্দৰ পক্ষী। মজবুত ঠেং দুখনত হাঁহৰ দৰে পতা আছে। ই আমাৰ থলুৱা জলচৰ পক্ষী। ইহঁত সাধাৰণতে নৈ-বিল, জলাশয় আদিত বিচৰণ কৰে। ইহঁত সংখ্যাত কম। মনিয়ৰিৰ বিচৰণ প্ৰকৃতিৰ কোলাত অটুট থাকক। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏


Tell us about your thoughtsWrite message