জাঁজীমুখ….জাঁজীনৈ আৰু মহাবাহুৰ সংযোগস্থলী । অপৰূপ সৌন্দৰ্যৰে ভৰপুৰ অঞ্চলটো প্ৰাকৃতিক সম্পদতো চহকী। শৰতৰ কহুৱাৰ বগা ৰঙে শুভ্ৰ শুভ্ৰ ছবি আকে উত্তৰৰ সিংহাসন চাপৰিত। পূবৰ কাৱৈমাৰী চাপৰিৰ সেউজ পৰিৱেশত স্নেহভৰা অকৃত্ৰিম চহা জীৱন। Highwayৰ পৰা মুদৈজানহৈ 9km পথৰ কাষে কাষে দেখা যায় বিস্তীৰ্ণ তৃণভূমি আৰু মাজে মাজে সুবিশাল মেটেকাৰ বেঙুনীয়া দলিচা। শেষলৈ অত-তত সিচৰিতহৈ থকা চাংঘৰ বিলাকৰ ধুনীয়া দৃশ্যই পৰ্য্যটকক আকৰ্ষন কৰে। তাত বাসকৰা লোক সকলৰ আছে এটা সৰল মন আৰু অতিথিৰ প্ৰতি সহৃদয়তা। কেতিয়াবা জাঁজীমুখলৈ যাবচোন…



Tell us about your thoughtsWrite message