#পদুম আৰু শাৰদী বিলসমূহ
গোলাঘাটৰ যোগীবিল, নিমাতীৰ পদুমীবিলত এতিয়া প্ৰকৃতিৰ নৈসৰ্গিক শোভাই বিৰাজ কৰিছে। শাৰদী ৰাণীৰ আগমনৰ লগে লগে প্ৰকৃতি প্ৰেমিক দিছে অনাবিল আনন্দ, কল্পনা প্ৰৱণ হৃদয়ত তুলিছে অনুভৱৰ জোৱাৰ। জতিষ্কাৰ হৈ পৰিছে হাজাৰ হাজাৰ পদুম ফুলেৰে। কোনোবা বিলত আকৌ শ্বেত পদ্ম, কৰবাত নীল পদ্ম। শৰতৰ শান্ত সমাহিত পৰিৱেশত পদুমৰ পাহিবোৰে শুৱনি কৰিছে এই বিল সমূহক। নিলীম আকাশৰ শুকুলা ডাৱৰৰ অহা-যোৱা । সূৰ্য্যৰ কিৰণত তিৰবিৰাইছে জলস্নাতা জাপিসজীয়া সেউজীয়া পাত বিলাক। মাজে মাজে মাতৃৰূপী হংসিনীৰ ছত্ৰছায়াত নিৰ্ভয়ে সাতুৰি ফুৰিছে কণমানি হাঁহ পোৱালী বিলাক। আগমন ঘতিছে দেশী-বিদেশী আলহী চৰাইৰ। বিলখন মুখৰিত কৰি থকা পক্ষীৰ কলৰৱ যেন শৰতৰ অনন্য ৰাগ।
Tell us about your thoughtsWrite message