মদাৰ, পলাশ আৰু শিমলুৰ ডালত এতিয়াও বিদ্যমান ফাগুনৰ ৰং। আকাশ ৰঙীণ কৰি শিমলুৱে পাতিছে আবিৰৰ মেলা। শিমলু বুলিলে মনলৈ আহে আকাশত ৰং সনা ৰঙা শিমলুৰ চপলতা। কি ৰঙীন পৰিবেশ ব্ৰহ্মপুত্ৰৰ বালিচৰ বিলাকত, নদীৰ মঠাউৰিবোৰত আৰু অৰণ্যত! চৌপাশে জাক জাক শিমলুৰ ৰঙৰ হিল্লোল।
কেতিয়াবা আকৌ শিমলুৱে ভূমুকি মাৰে কমলা ৰহণ সানি। “ইষৎ ৰঙা” বুলি ক’বও পাৰি। কিন্তু কেতিয়াবা শিমলু ফুলত হালধীয়া ৰঙো ধৰে।
হালধীয়া ৰং ধৰা শিমলু মোৰ কোনোদিনেই দৃষ্টিগোচৰ হোৱা নাছিল। গছজোপা প্ৰথমবাৰৰ বাবে দেখি আচৰিত হৈছিলো। চকুক বিশ্বাস কৰিব পৰা নাছিলো। নিচেই কাষলৈ গৈ আকৌ ভালকৈ নিৰিক্ষণ কৰিলো। হয়, হালধীয়া ৰং ধৰিছে এই শিমলুজোপাৰ ফুলত।
গছজোপা চকুত পৰিছিল ৰহাৰ দীঘলীআটিৰ পৰা পশ্চিমে এক কিলোমিটাৰ দুৰৈত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত। থেকেৰা গুৰিৰ পৰা পুবে আঢ়ৈ কিলোমিটাৰ দুৰৈত। সেই স্থানত আৰু দুজোপা হালধীয়া ৰং ধৰা অলপ কম বয়সৰ শিমলুও চকুত পৰিছিল। গতিকে আপাত দৃষ্টিত শিমলুৰ ৰং তিনিটা যেন লাগে।
এই ক্ষেত্ৰত মাটিৰ কাৰণে ৰং সলনি হৈছে বুলি ক’ব নোৱাৰি। কাৰণ কাষে পাজৰে কেইবাজোপাও গাঢ় ৰঙা ৰঙৰ শিমলু ফুলৰ গছ চকুতপৰিছিল।
অৱশ্যে শিমলু গছৰ ফুল ফুলাৰ সময়ৰ ভিন্ন ষ্টৰত ফুলৰ ৰঙৰ তাৰতম্য হোৱা পৰিলক্ষিত হয়। গতিকে হালধীয়া বৰণৰ শিমলুৰ এটা ভেৰাইটি (variety) বা প্ৰকাৰ আছে বুলি কৈ দিব নোৱাৰি।
শিমলুৰ এই ৰঙৰ ভিন্নতাৰ আৰত নিশ্বয় প্ৰাকৃতিক কাৰক আছে। প্ৰয়োজন মাথোন সুক্ষ্ম বিশ্লেষণৰ।
প্ৰকৃতিৰ আৰণ্যক সুষমাৰ অনুভৱৰ লগতে নিৰৱচ্ছিন্ন নিৰিক্ষণে সম্ভেদ দিয়ে বিচিত্ৰ প্ৰকৃতিৰ বিচিত্ৰ ৰূপ।






Tell us about your thoughtsWrite message