জীৱন অনুপম। জীৱনৰ পল অনুপল বিলাকত যদি অনুভৱ হয় প্ৰকৃতিৰ ৰং আৰু সৃষ্টি, জীৱন হৈ পৰে ধন্য, মহা মূল্যবান। বৈচিত্ৰময় প্ৰকৃতি সৃষ্টিকৰ্তাৰ এক বিশাল প্ৰদৰ্শনী। এই প্ৰদৰ্শনী দৰ্শন কৰিবলৈ প্ৰয়োজন নাই টিকটৰ।
এই প্ৰদৰ্শনীৰ এটি অমুল্য প্ৰদৰ্শন হৈছে “নীলকণ্ঠ”। এটি ৰঙীন পক্ষীৰ নাম। মুক্ত মনৰ মুক্ত বিহংগ। বৰ্ণিল পক্ষীটিৰ পাখিত সৃষ্টিকৰ্তাই যেন ফাগুহে চটিয়াই থৈ গ’ল। ক’বলৈ মন যায়…ইমান ধুনীয়াকৈ কোনে সৰজিলে, কোনে সৰজিলে কোনে নামে দিলে নীলকণ্ঠ! সচাই বৰ ধুনীয়া চৰাইটি। “নীলকণ্ঠ” শব্দৰ অৰ্থ হৈছে যাৰ গলা নীলা।
চৰাইটিৰ ঠোঁট ঈষৎ ক’লা। মুখমণ্ডল আৰু বুকু অংশ অলপ গুলপীয়া। মুৰৰ অংশও নীলা। পিঠিৰ অংশ শেঁতা-মুগা বৰণৰ। উৰন্ত অৱস্থাত চৰাইটি মনোৰম হৈ পৰে। ডেউকা আৰু নেজ অংশৰ পাখিৰ নীলা আৰু বগা অঞ্চল স্পষ্টকৈ চকুত পৰে।
এই তথ্যসমূহ গম পাইছিলো কেমেৰাৰ জুম লেন্সৰ জৰিয়তে এমাহ মান ধৰি বিভিন্ন স্থানত নিৰিক্ষণ কৰোতে। দূৰৈৰ পৰা নীলকণ্ঠ চৰাই দেখোতে মাছৰোকা চৰাই বুলি ভাবিছিলো। কেমেৰাৰ জুম লেন্সত ধৰা পৰিছিল অন্য চৰাই বুলি। এটি ৰঙীন চৰাই!
মুক্ত অঞ্চল নীলকণ্ঠ চৰাইৰ প্ৰিয়। কেতিয়াবা বিৰিখৰ আগ ভাগত, কেতিয়াবা আকৌ বৈদ্যুতিক তাৰত মুক্ত ভাবে জিৰায়। গছৰ পাতৰ আৰত কমকৈ থাকে। ইহঁতৰ বসবাস কৰা এলেকাটো নিৰ্দিষ্ট। সাধাৰণতে দুটিকৈ চৰাই এটা অঞ্চলত যোৰ পাতি থাকে। চাহবাগিছাসমূহৰ মুকলি ঘাহঁনি থকা অঞ্চলত ইহঁতক বেছিকৈ দেখা যায়।
সেউজ বননিত ইহঁতে পোক পতংগৰ সন্ধান কৰে। পথৰুৱা অঞ্চলতো ইহঁতক দেখা যায়। পথাৰত কৃষিৰ অপকাৰি পোক পতংগ খায় কৃষকক সহায় কৰে। সেয়ে ইহঁতক কৃষকৰ বন্ধু বুলিবও পাৰি। তথ্য মতে “নীলকণ্ঠ” চৰাই পশ্চিম এছিয়াৰ পৰা ভাৰতবৰ্ষৰ ভূখণ্ডলৈকে বিস্তাৰিত।
মাতটো কাউৰীৰ লগত অলপ মিল থাকিলেও ৰৈ ৰৈ হুইচেল মৰাৰ দৰে কিন্তু শুৱলা। নীলকণ্ঠ চৰাইটি আকাৰত আমি সচৰাচৰ দেখি থকা শালিকা চৰাইটিতকৈ সামান্য ডাঙৰ। উৰন ভংগীমা অলপ কাউৰী ছৰাইৰ লগত মিলে।
চিন্তাৰ বিষয় এই যে নীলকন্ঠ চৰাইৰ সংখ্যা হ্ৰাস পাই আহিছে। ইয়াৰ কাৰন সময়ৰ আচোঁৰত ইহঁতৰ নিৰ্দিষ্ট আবাস ভূমি কমি আহিছে। এই ধুনীয়া চৰাইটি প্ৰকৃতিৰ কোলাত নিৰ্বিঘ্নে নিৰাপদে জীয়াই থাকক।







Tell us about your thoughtsWrite message