(30)#প্ৰকৃতিৰ_অলংকাৰ

#বটল_পামৰ_দেশ_মালয়েছিয়ালৈ

সৌৰ কোষৰ গৱেষণাৰত অৱস্থাত এবাৰ মালয়েছিয়াৰ ফ্লাইটেৰে নিশা দিল্লীৰ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব লগা হৈছিল। অক্টোবৰ মাহৰ কথা। নতুন ঠাইলৈ যাম। মনৰ মাজত কৌতুহল আছিল অনেক। পুৱা আমাৰ বিমান মালয়েছিয়াৰ আকাশ মাৰ্গত সোমালেহি। ভাৰতীয় সময় অনুসৰি পুৱা ৪ বাজি ৩০ মিনিট। ফ্লাইটৰ খিৰিকীৰে প্ৰথম চকুত পৰিল মালয়েছিয়াৰ সাগৰৰ সেউজ মিহলি নীলা। সূৰ্যোদয়ৰ সোণালী পৰশত জিলমিলাই উঠিল তৰংগায়িত সুনীল সমুদ্ৰৰ বুকু। নীলাৰ মাজে মাজে সেউজৰ ফুল বছা আচল লৈ মালয়েছিয়াই আমাক হাত বাউলী মাতিলে। ক্ৰমাৎ আমাৰ বিমানে ধৰিত্ৰীৰ বুকুত অৱতৰণ কৰাৰ প্ৰস্তুতি চলালে। স্পষ্ট হৈ আহিল নীলাৰ মাজে মাজে সেউজীয়া অসংখ্য টাল জাতিয় গছৰ অৰণ্য। তলত দেখিলো অত-তত সিচঁৰিত সৰু-বৰ সেউজ পাহাৰ। ওখোৰা-মোখোৰা কতনা লহৰ। কুৱালালামপুৰত এতিয়া মনোৰম প্ৰভাত। মালয়েছিয়াৰ প্ৰথম ৰ’দে জিলমিল কৰিছে। পাহাৰৰ চুৰাবোৰ জিলিকি উঠিল প্ৰভাতি ৰদত। বিমান অৱতৰণৰ আগে আগে আকৌ এবাৰ চাইছিলো – চকুত পৰিল পুৱাৰ নিৰৱ-নিস্তব্ধ সাগৰৰ পাৰ, বগা বালি, কাষৰ সেউজ পাহাৰ, পাম গছবোৰ।
অৱশেষত কুৱালালামপুৰ আন্তজাৰ্তিক বিমানবন্দৰ পালোহি। এয়াৰপৰ্টটো শান্ত। কোনো হাই হাল্লা নাই।
প্ৰথমেই চকুত পৰিল কেইবাগৰাকীও মহান লোকৰ মাজত জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটোখন সুন্দৰকৈ সজাই থোৱা আছে। দেশখনৰ ভাৰতবৰ্ষৰ প্ৰতি শ্ৰদ্ধা আৰু আত্মীয়তা দেখি আপ্লুট হ’লো। বিমানবন্দৰতে ভাৰতীয় টকাৰ পৰিৱৰ্তে মালয়েছিয়াৰ মুদ্ৰা “ৰিংগিত” সলাই ল’লো। আমি ২০০ ডলাৰত টেক্সী বন্দবস্ত কৰিলো।
যাত্ৰা আৰম্ভ কৰিলো মালয়েছিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰে। মশৃন পথ। স্পীড অনুসৰি ভিন্ন ট্ৰেকত গাৰি চলে। ৰাস্তাত কোনো জীৱ জন্তু সোমাই অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে। ৰাস্তাৰ কাষে কাষে শাৰী শাৰীকৈ সৃংখলাবদ্ধভাৱে ৰোৱা আছে বটল পামৰ গছবোৰ। গছজোপাৰ সম্পূৰ্ণ নামটো “Royal bottle palm”। বৈজ্ঞানিক নাম হৈছে “Hyophorbe lagenicaulis” বা “palmiste gargoulette”। ঠিক বটলৰ আকৃতিৰ বাবেই কোৱা হয় বটল পাম। এই গছৰ আদি আবাস অৱশ্যে মৰিচাছ।
সেউজ সমৃদ্ধ কুৱালালামপুৰৰ শান্ত, সমাহিত পৰিৱেশত এক্সপ্ৰেছৱেৰ কাষত অসংখ্য বটল পাম আছে। সচাই ৰাজকিয় এই বটল পামৰ গছবোৰ। মশৃন গাগছৰ বটল পাম জোপাৰ আভিজাত্যই মন চুই যায়।
আমি গৈ উপস্থিত হ’লোগৈ ৩৩৫ মিটাৰ উচ্চতাৰ কুৱালালামপুৰ টাৱাৰ। পৃথিৱীৰ সপ্তম উচ্চ টাৱাৰ বুলিও আমাক গাইডে কৈছিলে। ইয়াত বিদেশী পৰ্যটকৰ ভীৰ হয়। এই টাৱাৰৰ সন্মুখভাগ পৰিবেষ্টিত হৈ আছে বটল পামৰ লগতে অন্যান্য পাম গছেৰে।
এইবাৰ আমি আগবাঢ়িলো ইয়াৰ পৰা ২.৩ কিলোমিটাৰ দুৰৈত অৱস্থিত পৃথিৱী বিখ্যাত পেট্ৰনাছ টাৱাৰলৈ। ৰাস্তাৰ কাষে কাষে আকৌ দেখিবলৈ পালো মন জুৰোৱা সেই সেউজ দৃশ্যৰাজী। সেউজীয়া বননিৰ পাহাৰৰ ঢালুৰ মাজে মাজে মসৃণ পথেৰে আগুৱালো। অলপ ওখ, অলপ চাপৰ, অলপ সৰ্পিল ঘাইপথৰে গৈ ভাল লাগিছিল। ৰাস্তাৰ ডিভাইডাৰৰ দুয়ো কাষৰ পথেৰে চাৰিখনকৈ গাড়ী চলে। মুঠ আঠখন গাড়ী অহা যোৱা কৰে। মাজত থকা বহল ডিভাইডাৰত আকৌ সুন্দৰ সেউজীয়া ল’ণ আৰু শাৰী শাৰী বটল পামৰ গছবোৰ। কাষে কাষে হালধীয়া ডুৰাণ্ডা গছৰ হেজ। নাৰিকলৰ বাগান।
অকল বটল পামেই নহয়। ইয়াৰ ৰাজপথ শুৱনি কৰিছে অন্যান্য সেউজ গছৰ সমাহাৰে। মাজে মাজে অৱশ্যে এৰিকা পাম আৰু চাইনিজ পামৰ লানিও দেখিলো। আমাৰ বাংগালোৰৰ এয়াৰপৰ্টৰ পৰা নামিও ৰাস্তাৰ কাষে কাষে এই দৃশ্য চকুত পৰে। অসমতো এই গছৰ ৰোপণ হৈছে। অৱশ্যে সংখ্যাত কম।
বটল পামৰ বায়ু পৰিশোধন ক্ষমতা বেছি কাৰণেই হয়তো নগৰ মহানগৰসমূহত ইয়াৰ ব্যৱহাৰ বেছি। তদুপুৰি এই পৰিষ্কাৰ গছজোপাই কম ঠাই অধিকাৰ কৰে।
মালয়েছিয়াৰ বৃক্ষৰোপণৰ ইতিহাস বহু পুৰণি। ওঠৰশ শতিকাত বৃক্ষৰোপনে গা কৰি উঠিছিলে। মালয়েছিয়াৰ “Landscape and Urban Cleansing Control Department”ৰ এই ক্ষেত্ৰত ভুমিকা অনন্য। ১৯৭৯ চনতেই “No Roads Without Trees” প্ৰগেমৰ অধীনত পথৰ কাষত সৃংখলাবদ্ধভাৱে বৃক্ষ ৰোপণ আৰম্ভ কৰিছিলে। বৃক্ষ ৰোপণৰ ৪০ শতাংশই পথৰ কাষত।
অৱশেষত আমি গৈ পালোগৈ ৪৫১.৯ মিটাৰ উচ্চতাৰ ৮৮ – মহলীয়া পেট্ৰনাছ টাৱাৰ। সচাই আকাশ চুই আছে। কুৱালালামপুৰৰ ভিন্ন স্থানৰ পৰাই দৃশ্যমান এই “Twin tower”। ১৯৯৮ আৰু ২০০৪ চনৰ ভিতৰত পৃথিৱীৰ উচ্চতম টাৱাৰৰ স্থান অধিকাৰ কৰিছিলে। এইয়াই মালয়েছিয়াৰ পৃথিৱীৰ লগত যোগাযোগৰ অন্যতম বানিজ্যিক কেন্দ্ৰ। পৃথিৱীৰ বিভিন্ন দেশৰ মানুহ ইয়াত দেখিলো। বেছিভাগেই তামিল মূলৰ, চাইনিজ, কোৰিয়ান ইত্যাদি। ইয়াৰ ভিতৰত স্বপিং মল, আন্তৰ্জাতিক ৰেষ্টুৰেন্ট, শাক পাচলি, ফলমূলৰ মল, বিভিন্ন বানিজ্যিক কেন্দ্ৰ আদি সকলোৱেই আছে। এই টাৱাৰৰ সন্মুখভাগত আছে পানীৰ ফোৱাৰা। সোনত শুৱগা চৰাইছে বটল পামৰ গছবোৰে।
আমি আকৌ যাত্ৰা আৰম্ভ কৰিলো। এইবাৰৰ লক্ষ্য স্থান আছিল “Batu Cave”। মালয় ভাষাত “Batu” শব্দৰ অৰ্থ শিল। কুৱালালামপুৰ আন্তজাৰ্তিক বিমানবন্দৰৰ পৰা ৭০ .৫ কিলোমিটাৰ দুৰৈত অৱস্থিত এই গুহা। লাহে লাহে আৰম্ভ হ’ল বৃহত বৃহত শিলাখণ্ড থকা পাহাৰবোৰ। গুল্ম জাতীয় গছেৰে পৰিবেষ্টিত এই শিলাখণ্ডৰ পাহাৰবোৰ। অৱশেষত আমি “Batu Caves” পালোগৈ। সন্মুখ ভাগত থিয় হৈ আছে ভগৱান মুৰুগানৰ বিশাল সোন বৰনীয়া মুৰ্তি। বহু দুৰৈৰ পৰাই দৃশ্যমান এই সোঁনালী মুৰ্তি। সোহাতখনত আছে ধনুকাঁৰ। মুৰ্তিৰ কাষেদিয়েই থিয় খটখটিৰে শিলৰ পাহাৰৰ ওখ ঠাইত অৱস্থিত গুহালৈ যাব পাৰি। মুৰ্তিৰ সন্মুখত বহুতো পাৰ ছৰাই ঘুৰি ফুৰে। চৌপাশে কেইবাটাও মন্দিৰ। মন্দিৰৰ প্ৰাংগনতো বটল পামৰ উপস্থিতি বিদ্যমান। তাত আছে হিন্দুসকলৰ দেৱ-দেৱীৰ মুৰ্তি। অনুভৱ হ’ল দেশে দেশে মোৰ দেশ।
এইবাৰ বাটু কেভ এৰি আমি পালোগৈ “International Convention Centre”। এক অন্যন্য সৃষ্টি। গৈ থাকোতে ৰাস্তাৰ দুয়োপাৰে থকা শাৰী শাৰী ওখ ওখ বটল পামৰ গছবোৰে যেন আমাক সম্ভাষনহে জনাইছে। নিছেই কম উচ্চতাৰ পাহাৰৰ ওপৰত অৱস্থিত এই আন্তজাৰ্তিক কেন্দ্ৰটোৰ প্ৰাংগনত আছে সেউজীয়া দলিচা। কেন্দ্ৰটোৰ ওপৰৰ চালিখন “কাউবয়” টুপীৰ আকৃতিত নিৰ্মিত। সোমাই যাওতে ধুনীয়া ধুনীয়া সেউজ হেজ। কাষে কাষে আছে জোপোহা জোপোহা মুছাণ্ডা ফুলৰ গছবোৰ। মুঠৰ ওপৰত বৃক্ষ ৰোপণ, প্ৰতিপালন আৰু সৌন্দৰ্যবোধৰ অপূৰ্ব নিদৰ্শন এই মালয়েছিয়া।
এইবাৰ আমাৰ লক্ষ্যস্থান “Istana Kehakiman”। মালয়েছিয়াৰ “Federal Court”।
ইয়াৰ পিছত আমাৰ গাড়ী পালেগৈ “Putra Square”। ইয়াত মালয়েছিয়াৰ স্বাধীনতা দিৱসৰ পেৰেড হয়। ইয়াৰ কাষতেই আছে ৰ’দৰ পোহৰত চিকমিকাই থকা গুলপীয়া ৰঙৰ “পুত্ৰ মস্কো” যাৰ নিৰ্মাণত ব্যৱহাৰ হৈছিল “rose-tinted granite”। ইয়াত ১৫০০০ জন লোকে প্ৰাৰ্থনাত অংশ গ্ৰহণ কৰিব পাৰে। ইয়াতো বটল পাম আৰু নাহৰ জাতীয় গছে শোভাবৰ্ধন কৰিছে। মুঠতে সেউজৰ লগত মালয়েছিয়াৰ এক নিবিৰ সম্পৰ্ক।
আমি এইবাৰ অগ্ৰসৰ হ’লো ৩০০ মিটাৰ দৈৰ্ঘ্যৰ আৰু ৩২ মিটাৰ বহল “চেৰী চুজানা ব্ৰীজেৰে”। এই শুভ্ৰ কেবোল ব্ৰীজখন উচ্চতম কাৰিকৰি জ্ঞানৰ অন্যতম নিদৰ্শন। সাঁকোখনৰ তলৰ পুত্ৰজয়া সৰোবৰৰ পানীত আকাশৰ নীলাৰ প্ৰতিবিম্ব দেখিলো। ভাল লাগিল। এই মানৱসৃষ্ট লেকটোৱে (৬৫০ হেক্টৰ) মহানগৰীখনত গ্ৰীষ্মকালীন প্ৰাকৃতিক শীতলীকৰণ ব্যৱস্থাৰ ভুমিকা অৱলম্বন কৰে।
আকৌ আৰম্ভ হ’ল পথৰ কাষৰ সেই একেই সেউজ মাদকতাময় যাত্ৰা। ন’হবৈবা কিয়? মালয়েছিয়াৰ চৰকাৰে “Garden Nation” প্ৰগেমৰ অধীনত চাৰি লাখ বৃক্ষ ৰোপণ কৰিছিলে। ইয়াৰ অধিকাংশই ৰাস্তাৰ কাষত ৰোপন কৰা হৈছিল।
মালয়েছিয়া এৰাৰ সময়ত মনটো বিষাদৰে ভৰি পৰিল। এখন সেউজ সমৃদ্ধ মহানগৰী এৰি আহিলো। চকুত ভাহি থাকিল বগা বালিৰ সাগৰৰ পাৰ, দিগন্তব্যাপি থকা নীলিম ধৌ, সেউজীয়া গছৰ আভিজাত্য। বিদায় মালয়েছিয়া।

Tell us about your thoughtsWrite message

Your email address will not be published. Required fields are marked *

Back to Top
Back to Top
Close Zoom
Copyright © 2023. Warning-Copy of any content,images is not allowed by the owner.