মৌচুমীৰ আগমনৰ লগে লগে এজাৰৰ সেউজীয়া পাতৰ আভূষণটোত বেঙুনীয়া ফুলবোৰে বুটা বাচে। যেন এজাৰ ফুলেৰে বোৱা পাতল চাদৰ খনিহে। সেউজৰ মাজে মাজে নিভাঁজ বেঙুণীয়া বোল। কোনেনো নাচাই থাকিব পাৰে বাৰো! প্ৰকৃতি লাহে লাহে বেঙুণীয়া ৰঙেৰে ৰঙীণ হয়। ডালে ডালে, পাতে পাতে কেৱল বেঙুনীয়া লহৰ। কাৰনো মন নাযায় বাৰু চাবলৈ এই অনিন্দ্য সুন্দৰ এজাৰক। ক্ষনিকৰ বাবে হলেও মন আলোড়িত হয় এই বেঙুণীয়া চমকনিত। এজাৰ, এজাৰ, এজাৰ …কেৱল এজাৰ। আকৌ যৌৱন প্ৰাপ্ত হয় এজাৰৰ অৰণ্য চৌদিশে।
এজাৰৰ বৈজ্ঞানিক নাম “Lagerstroemia speciosa”। ইংৰাজীত কোৱা হয় “pride of India”। এজাৰৰ অনিয়ত (Racemose) পুষ্প বিন্যাসত সজ্জিত হয় ফুলৰ ঊৰ্দ্ধমুখি কলিবোৰ। ছটা পাহিৰ মধ্যে থাকে অসংখ্য পুং-কেশৰ।
এজাৰ আৰু বৰ্ষাৰ সম্পৰ্ক আজন্ম। মেঘমল্লাৰ অহা যোৱা আৰু সঘন বৰষুণ। মাজে মাজে আকৌ মেঘ ৰাগিনী। সুশীতল বতাহৰ কম্পন। তাৰ মাজতেই এজাৰ ফুলি উঠে মহানন্দে।
এজাৰ বুলিলেই মনলৈ আহে গিবন আৰু কাকডোঙাৰ কথা। যোৱা বছৰৰ এটা প্ৰাতঃস্মৃতি ….পুৱাই ওলাই গৈছিলো মৰিয়নী হৈ ধোদৰ আলিয়েদি। পুৱাৰ নিৰৱতা, মসৃণ পকী ৰাস্তা, কাষৰ চাহ বাগিছাৰ সেউজৰ মাজত থিয় দি থকা অলেখ এজাৰ …”দেখা নাই, আগে এনে ছবি দেখা নাই …”… কিবা এক অবুজ আৱেগত জয়ন্ত হাজৰিকাৰ এই গীতটি মনলৈ আহিছিল । ফুলেৰে ভৰি থকা শাৰি শাৰি এজাৰ, সেউজীয়া ঘাহনিত বেঙুনীয়া দলিচা দেখি অনুভৱ কৰিছিলো প্ৰকৃতিৰ মহৎ ঐক্যতান। গিবনৰ কাষে কাষে আগুয়াই গৈছিলো। নীৰৱ, নিতাল, সমাহিত পৰিৱেশ । গহন অৰণ্যৰ পৰা ভাহি আহিছিল মাথো কেতেকীৰ মাত। পকা ৰাস্তাৰ পৰাই চাইছিলো গিবনৰ বসন্ত। কোনো চিত্ৰকাৰে যেন তুলিকাৰে অৰণ্যত বেঙুনীয়া ৰং সিচি দিলে । অনুভৱ হৈছিল অৰণ্যৰ প্ৰেম …
এইবাৰ অৱশ্যে মৌচুমী জুন মাহৰ প্ৰথম সপ্তাহত প্ৰবেশ কৰিলে। কিন্ত্ত এজাৰে কলি পেলালে মে মাহৰ আৰম্ভণিতেই। হয়তো অনুকুল পৰিৱেশৰ অভাৱতেই এজাৰৰ পূৰ্ণ প্ৰস্ফুটন পৰিলক্ষিত নহল। অন্যহাতে যোৱাবাৰ লকডাউনৰ সময়ত হয়তো কম প্ৰদূষণৰ বাবেই এজাৰ ফুলিলে হিয়া-উজাৰী। কাকডোঙা, গিবন, নামবৰ, কাজিৰঙাত এইবাৰ এজাৰৰ মৃদু হিল্লোল। ৰহাৰ পৰা গুৱাহাটীমুখি ৰাস্ত্ৰীয় ঘাইপথৰ কাষে কাষে অবশ্যে কম বয়সীয়াল এজাৰ গছবোৰত ফুল দেখা গল। কাজিৰঙাতো ঘাইপথৰ কাষতো চাপৰ তথা কম বয়সিয়াল এজাৰ গছবোৰত বেঙুনীয়া পৰশ পৰিল। ওখ তথা পূৰ্ণ বয়স্ক গছবোৰত এজাৰ প্ৰায় নুফুলিলেই।
অধিক বৃষ্টিপাতে প্ৰস্ফুটিত হবলৈ লোৱা কলিবোৰ চিঙি পেলালে। তদুপৰি বৃষ্টিপাতৰ লগতে বতাহ ধুমুহাৰ সন্মুখীন হ’ল ওখ গছবোৰৰ ঊৰ্ধমুখী কলিবোৰ। কিন্ত্ত চাপৰ তথা কম বয়সৰ গছবোৰে এনেবোৰ পৰিস্থিতিৰ সন্মুখীন তুলনামূলকভাৱে কম হ’ব লগা হল। তদুপুৰি কম বয়সীয়া গছসমূহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বেছি। অৱশ্যে অৰুণাচলৰ লুহিত জিলাত পূৰ্ণ প্ৰস্ফুটন দৃশ্যমান হল (প্ৰতক্ষদৰ্শীৰ মতে)। ইয়াৰ কাৰন হয়তো অৰুণাচলৰ অৰণ্যত তুলনামূলকভাৱে কম প্ৰদুষণৰ প্ৰভাৱ।















Tell us about your thoughtsWrite message