#প্ৰকৃতিৰ মনোৰম সৃষ্টি চিকিমৰ নাথুলালৈ
চিকিমত পিছদিনা মনোৰম প্ৰভাত (২০১৮ চনৰ ১৭ অক্টোবৰ)। পুৱাতেই ওলাই গৈছিলো প্ৰাতঃভ্ৰমণলৈ। নিয়ৰৰে ভৰা কোমল ঘাঁহনিৰ ওপৰত খোজকাঢ়ি ভাল লাগিছিল। সেই দিনা আমাৰ লক্ষ আছিল নাথুলা পাছ। কৰ্ণফ্লেস্ক, বাটাৰ সনা টোষ্টেত ব্ৰেডৰ লগত অমলেট আৰু গৰম কফিৰে ব্ৰেকফাষ্ট কৰি পুনৰ নতুন নতুন সৌন্দৰ্যৰ সন্ধানত যাত্ৰা কৰিছিলো নাথুলা পাছলৈ। জনবহুল গেংটক পাৰহৈ নাথুলা পাছ অভিমুখী সৰ্পিল পথেৰে গাড়ী আগুৱালে। আমি ওখলৈ উঠি গৈ আছো। নাজানো, পাহাৰে কিয় মোক বাৰে বাৰে হাত বাউলি মাতে। এই পাহাৰৰ আছে কি ৰহস্য? কুৱঁলী ফালি আগুৱালো অকোৱা পকোৱা বিপদ সংকুল গিৰি পথেৰে। কৰবাত সুউচ্চ কেকুঁৰি ঘুৰোতে চকুত পৰিছিল কেৱল সীমাহীন আকাশ আৰু গভীৰ গিৰিখাট। বুকু কঁপি উঠিছিল। আছিল উৎকন্ঠা আৰু ৰোমান্স। ঠায়ে ঠায়ে পৰ্বতমালা ডাঠ কুৱঁলীৰে ঢাক খাই পৰিছিল। ক’ৰবাত আকৌ পুৱাৰ ৰ’দ কোমল আঁচল লৈ ৰ’দহে পুৱাইছে গিৰিমালাই। কিযে ৰ’দ আৰু ডাৱৰৰ লুকা ভাকু। মাজে মাজে আকৌ প্ৰভাতী ৰ’দৰ সোণালী কিৰণ চিকিমৰ পাইন-দেৱদাৰুৰ অৰন্যৰ মাজেৰে সৰকি গোটেইখনতে ছিটিকি পৰিছিল। মায়াময় হিমালয়ৰ অংশ চিকিম। অপৰূপ অথচ গুৰু-গম্ভীৰ পৰ্বতমালাৰ এখনৰ পিছত এখনকৈ ছবি সন্মুখত ভাহি উঠিল। দুৰৈত কপাহ কপাহ ডাৱৰৰ আচল, কাষত ওখ-চাপৰ ঘনসেউজ সৰল বনৰ অৰন্য। প্ৰকৃতিৰ এই অনবদ্য সৃষ্টিৰ ৰূপৰ মাধুৰ্য্যত মন নিৰ্ভাৰ হৈ পৰিছিল। আশ্চৰ্য্যময় শ্ৰদ্ধাই মন অতীন্দ্ৰিয় কৰি তুলিছিল। মাজে মাজে চকুত পৰিছিল তীব্ৰ বেগেৰে ওপৰৰ পৰা হৰহৰাই বাগৰি অহা উচ্ছল জলধাৰা। ফেনিল শ্ৰোতস্বিনী পাহাৰৰ বুকুয়েদি টুকুৰা টুকুৰ হৈ কেউফালে ছিটিকি পৰিছিলগৈ দ খাৱৈত। আমাৰ পাছ পৰিক্ষা কৰিছিল নিৰাপত্তাত নিয়োজিত ব্যক্তিয়ে। অৱশেষত আমি পালোগৈ পুব চিকিমৰ ১২,৩১৩ ফুট উচ্চতাত অৱস্থিত ‘চাংগো’ লেক (Tshangu lake)। তেতিয়া আছিল হাড়কঁপোৱা ঠাণ্ডা। হ্ৰদৰ জলৰাশিৰ ওপৰত ধুসৰিত ডাঠ কুৱঁলীৰ বাষ্প। ইপাৰ সিপাৰ মনিব নোৱাৰি। হ্ৰদৰ পানীৰ সুশীতল স্পৰ্শই শিহৰণ তুলিছিল সৰ্ব শৰীৰত। এই হ্ৰদৰ ৰহণ সলনিৰ নয়নাভিৰাম দৃশ্য চকুত পৰিছিল ওভতনিৰ পৰত। সুনীল জলৰাশি, সুৰ্য্যৰ পোহৰত উদ্ভাসিত নীল-মুকুতাৰ দৰে জলমলাই আছিল।
হ্ৰদৰ পাৰৰ ধাবাত আমি জলকীয়া দিয়া চুপৰ লগত মেগি খাইছিলো পৰম তৃপ্তিৰে। লগত আছিল ভাপ ওলাই থকা গৰম কফি। অলপ হলেও ঠাণ্ডাৰ পৰা উপশম পাইছিলো। হ্ৰদৰ কাষে কাষে পৰ্য্যটকৰ বাবেই ৰখাই থৈছিলে কেইবাটাও সুসজ্জিত ইয়াক। rope wayৰ ব্যৱস্থা আছে। কেইবাখনো ফটো কেমেৰাত আৱদ্ধ কৰিলৈ পুনৰ অকোৱা পকোৱা পথেৰে আগুৱালো বাবা হৰভজন সিঙৰ মন্দিৰলৈ। লাহে লাহে পাহাৰবোৰ সুশোভিত হ’ল কম উচ্চতাৰ নানাৰঙী গুল্ম জাতীয় গছ আৰু তৃণগুচ্ছৰে। পাহাৰৰ নামনিলৈকে বিয়পি আছে। মাজে মাজে আকৌ শিলৰ পাহাৰ বিলাকৰ ভুমুকি। এইয়া সীমান্ত অঞ্চল। আৰ্মিৰ গাড়ীৰ বিশেষ চলাচল পৰিলক্ষিত হৈছিল। নাথুলা পাছৰ গেট চকুত পৰিল। লিখা আছে “ডাগাৰ দ্বাৰ”। সিপাৰে চীন। অৱশেষত আমি পালোগৈ বাবা হৰভজন সিঙৰ মন্দিৰ। ভাৰতীয় সেনাবাহিনীৰ বীৰ জোৱান যাৰ স্মৃতিত স্থাপিত এই মহান মন্দিৰ। তেওঁৰ সোনালী মূৰ্তি এটাও আছে। অনুভৱ হৈছিল দেশৰ এই মহান বীৰ জনৰ বিৰল দেশপ্ৰেম। তেওঁৰ গুণমুগ্ধ সকল ইয়ালৈ বৰ শ্ৰদ্ধাৰে আহে। এজাক শীতল বতাহে স্পৰ্শ কৰিছিলে। মাইকত ভাঁহি আহিছিল “ऐ वतन…मेरे वतन…आबाद रहे तु…” মন দেশপ্ৰেমৰ পবিত্ৰতাৰে ভৰি পৰিল। অনুভৱ হৈছিল বীৰ জোৱান সকলৰ মহান ত্যাগৰ কথা। শ্ৰদ্ধা আৰু ভক্তিত মোৰ দোঁ খাই গ’ল..🙏
Tell us about your thoughtsWrite message