তিস্তাৰ পাৰে পাৰে
সেউজৰ মাজে মাজে
মেঘমল্লাৰ আৰে আৰে
শৰতে পৰশা এটা
যাত্ৰাৰ সোৱৰনী
লক্ষ্য আছিল কাঞ্চনজঙ্ঘা…
২০১৮ চনৰ ১৬ অক্টোবৰ। দুৰ্গাপূজাৰ বন্ধত চিকিম ভ্ৰমন কৰিবলৈ দিল্লীঅভিমুখী ৰাজধানী এক্সপ্ৰেছত উঠিলো। পুৱা চিলিগুৰীত নামিয়েই গেংটকলৈ তিস্তাৰ পাৰে পাৰে যাত্ৰা কৰিলো।
চিকিমৰ জীৱন ধাৰা আৰু সংস্কৃতিৰ লগত অংগাংগী হৈ পৰা তিস্তা নদী পৰ্বতীয়া পথেৰে বৈ আহিছে হিমালয়ৰ চিতামু হ্ৰদৰ পৰা। তিস্তাৰ প্ৰাকৃতিক সৌন্দৰ্য্যই আমাৰ মন বাৰুকৈয়েই মুহিলে। এইয়া আছিল এক অনিৰ্বচনীয় টান। আমাৰ যাত্ৰাপথৰ বহু দূৰলৈকে সংগী আছিল খৰস্ৰোতা তিস্তা। দৃষ্টি আকৰ্ষণ কৰিছিল তিস্তাৰ অকোৱা পকোৱা চঞ্চলা গতিয়ে। কেমেৰাত দৃশ্যৰাজী অক্ষয় কৰি তুলি লৈ আগবাঢ়িছিলো। আজিও কানত ভাহি থাকে জলৰাশিৰ বিৰামহীন গতিৰ হো-হোৱনি। দুয়োপাৰে থকা অৰণ্যত দেখা গৈছিল চেগুনকে ধৰি অন্যান্য পৰ্ণপাতী গছ, তাৰ ডাল পাতবোৰৰ ৰং সেউজীয়া। তলৰ পানীবোৰো গভীৰ সেউজীয়া। মাজে মাজে অগভীৰ অঞ্চলত জিলিকি আছিল বগাকৈ বালিচৰ বিলাক।
গৈ থাকোতে চকুত পৰিছিল দাৰ্জিলিং আৰু কালিম্পং সংযোগী কৰ্ণেচন ব্ৰীজ (coronation bridge)। ইপাৰে আছে গৰুমৰা ৰাষ্ট্ৰীয় উদ্যান। পুৱাৰ ৰ’দেৰে ৰৌদ্ৰস্নাতা। জলমল কৰিছিল অদূৰৰ বনৰীয়া গছৰ পাতবোৰ। ক্ৰমশঃ তিস্তাৰ আকাশ নিয়ৰ ঘনীভূত হৈছিল। মাজে মাজে মেঘমল্লাৰ ভুমুকি। ঠান্দাৰ পৰিমাণো বাঢ়ি আহিছিল। অস্তগামী সুৰুযৰ সোণালী পৰশত জিলিকিছিল চিকিমৰ সুউচ্চ পৰ্বতমালা।
বাটত আমি চিকিম মনিপাল কাৰিকৰী অনুষ্ঠানৰ (SMIT) প্ৰাঙ্গণত প্ৰৱেশ কৰিছিলো। পৰিপাটি অনুষ্ঠানটো বিশেষ নিয়ম নীতিৰ অধীনত।
অৱশেষত আমি পালোগৈ অৰ্গেনিক চিটি গেংটক। কেইখনমান খালী গাৰি যাত্ৰীৰ অপেক্ষাত পথৰ দাঁতিত ৰৈ আছিল। গাড়ী সলাই এইবাৰ চিকিমৰ গাড়ীৰে আগুৱালো হোটেল ‘যুনিপাৰ তৃ’ৰ অভিমূখে। আবেলি ওলাই আহিছিলো MGMartলৈ।
নিয়ৰপৰশা MG Martৰ আবেলি বিলাক আছিল ভাল লগা। ৰাস্তা-ঘাট পৰিস্কাৰ। নিয়ন লাইটৰ ৰূপালী পোহৰে গোটেই ঠাইখনকে উজ্জ্বল আলোকেৰে প্লাৱিত কৰি ৰাখিছিল। চিকিমৰ এইখিনিয়েই প্ৰাণকেন্দ্ৰ। বিভিন্ন দেশী-বিদেশী মানুহৰ অহা যোৱা। মাজে মাজে পানীৰ ৰঙীণ ফোৱাৰা। কাষে কাষে পথচাৰী বহিবৰ বাবে সুন্দৰ ব্যৱস্থা। পৰিৱেশটো আছিল বেচ উপভোগ্য। ৰুণুক জুনুক টুপ টুপ নিয়ৰ সৰিছিল। নিয়ৰৰ মৃদু-মধুৰ শীতল স্পৰ্শই মনলৈ আনিছিল কিবা এক অবুজ আৱেগ।
ৰাতি হোটেলৰ লাউঞ্জৰ পৰা দৃশ্যমান তৰাভৰা ৰাতিৰ আকাশখন আৰু অদুৰৰ পাহাৰত জিলমিলাই থকা বিজুলীবাতিৰ সমাহাৰে গোটেই চহৰ খনকে অপূৰ্ব সুন্দৰ কৰি তুলিছিল। হৈ উঠিছিল এখন মায়াময় স্বপ্নপূৰী। দুৰৈৰ পৰা ভাঁহি আহিছিল শুৱলা নেপালী ভাষাৰ সুমধুৰ গীতৰ সুৰ এটি। তন্দ্ৰাৰ আৱেশত দুই নয়ন মুদ খাই আহিছিল, অস্পষ্ট হৈ আহিছিল সুৰৰ ধ্বনি। কিযে পাহাৰৰ কোলাত সুমধুৰ ৰাত্ৰি…
Back to
Top
Tell us about your thoughtsWrite message