#প্ৰকৃতিৰ সান্নিদ্ধ্যত বেইজিঙৰ গ্ৰীষ্মকালীন প্ৰসাদ
২০১০ চনৰ অক্টোবৰ মাহৰ কথা। পুৱাতেই এদিন ওলাই গৈছিলো বেইজিঙৰ বসন্ত নগৰী নামে খ্যাত কুনমিঙৰ গ্ৰীষ্মকালীন প্ৰসাদলৈ। অগণন দৰ্শনাৰ্থীৰ ভিৰ হৈছিল। প্ৰাচীন চীনৰ পৰম্পৰাগত বাগিছাৰ উদাহৰণ স্বৰূপ গ্ৰীষ্মকালীন প্ৰসাদৰ (summerpalace) এলেকাত আছে কুনমিঙৰ সুবিশাল অথচ অগভীৰ হ্ৰদ আৰু পূবে আছে longevity hill অৰ্থাৎ দীৰ্ঘায়ু পাহাৰ। পাইনৰ মাজে মাজে হালধীয়া পাতৰ গছ বিলাকে ভুমুকি মাৰিছিল। কি এক নৈসৰ্গিক পৰিৱেশৰ বৰ্ণিল ৰূপ! হৃদয় য’ত শাঁত পৰিছিল। এইয়া অৱশ্যে আছিল শৰতৰ শান্ত সমাহিত পৰিৱেশ। ঠান্দা পৰিছিল যদিও ভালেই লাগিছিল। হ্ৰদৰ সুব্যাপ্ত জলৰাশিৰ ওপৰত আছিল কুৱঁলীৰ আস্বাদন। হ্ৰদ আৰু পাহাৰৰ যুগলবন্দীত সৃষ্টি হৈছিল অপৰূপা প্ৰকৃতিৰ বিনন্দীয়া ৰূপ।
কুনমিঙৰ ৰূপৰ বন্যাত আমি হৈছিলো সন্মোহিত। হ্ৰদৰ পানীত ভিন্ন ৰঙৰ নাওত বিভিন্ন দেশৰ পৰ্য্যটকে নৌকা বিহাৰ কৰি সাতুঁৰি নাদুৰি থকা বনহংসৰ জলকেলি উপভোগ কৰিছিলে। নাওৰ সন্মুখ ভাগ আকৌ মুখ মেলি থকা প্ৰকাণ্ড ড্ৰেগন আৰ্হিৰ। ই সততেই পৰ্য্যটকক আকৰ্ষণ কৰে। গ্ৰীষ্মকালীন প্ৰসাদৰ অন্যতম আকৰ্ষণ হ্ৰদৰ জলৰাশিৰ ওপৰত থকা সোতৰ খলপীয়া ধেনুভিৰিয়া বৃহৎ শিলৰ সাঁকোখনে সোনত সুৱগা চৰাইছে (17 Arch-Bridge)। অষ্টাদশ শতিকাতে নিৰ্মিত ১৫০ মিটাৰ দৈৰ্ঘ্যৰ আৰু ৮ মিটাৰ বহল এই সাঁকোখনে হ্ৰদৰ পূৱ পাৰক পশ্চিমৰ নানহু দ্বীপৰ লগত সংযোগ কৰিছে। চালে চকু ৰোৱা সাঁকোখন দুৰৈৰ পৰা ধেনুভিৰিয়া মুকুতাৰ নেকলেচৰ দৰে জিলিকি থাকে। দুই প্ৰান্তত থকা চীনা কিংবদন্তিখ্যাত মাংগলিক জীৱ কাউলিনৰ (Kylin) মুৰ্তিয়ে সাকোঁখনৰ শোভা বৰ্ধনৰ লগতে এক অন্যন্য বৈশিষ্ট্য প্ৰদান কৰিছে। হ্ৰদ আৰু পাহাৰৰ ঠিক মাজতেই আছে প্ৰাসাদৰ গৃহ সমূহ।
ইয়াৰ অন্যতম আকৰ্ষণ হৈছে বিখ্যাত “দীঘল কৰিডৰটো” (Long Corridor)। পাইন আৰু বটল ব্ৰাছ জাতীয় গছৰ মাজে মাজে হ্ৰদৰ পাৰৰ পেভিলিয়নৰ ওপৰেদি আমি আগবাঢ়িলো কৰিডৰৰ পিনে। মাজে মাজে অ’ত ত’ত শৈল গাৰ্ডেনৰ শিলাখণ্ডত নানাৰঙী লতাৰ আৱৰণ। অৱশেষত পালোগৈ ৭২৮ মিটাৰ দৈৰ্ঘ্যৰ ১৪,০০০ পেইণ্টিঙেৰে সমৃদ্ধ এটা বিতোপন কৰিডৰ। গাৰ্ডেনৰ শোভা উপভোগ কৰিবলৈ ৰাজমাতা হেনো অহাযোৱা কৰিছিল এই কৰিডৰেদি। ইয়াত অংকিত হৈছে প্ৰাচীন চীনৰ সংস্কৃতি, ৰুচিবোধ, ৰূপকথা, লোক কাহিনী, ইতিহাস ইত্যাদি।
আগবাঢ়ি গৈ দেখা পাইছিলো ভগৱান বৌদ্ধৰ সুগন্ধিৰ মন্দিৰ (pagoda of Buddha’s fragnance)। কাষৰ চিৰসেউজীয়া দুবৰিৰ দলিচাৰ লগতে বতাহত বৈ অহা ফুলৰ মৃদু সুগন্ধই মনলৈ আনিছিল সজীৱতা। মন ভৰি পৰিছিল অতীন্দ্ৰিয় অনুভুতিৰে। ভিন্ন অংগসজ্জাৰ প্ৰাৰ্চুয্যতাৰে সমৃদ্ধ এই বৌদ্ধ মন্দিৰ। চীনত বহুলভাৱে প্ৰচলিত বৌদ্ধ ধৰ্মৰ স্ৰষ্টা ভগৱান বুদ্ধৰ জন্ম হৈছিল প্ৰাচীনতম সভ্যতা তথা ঐতিহ্যৰে সমৃদ্ধ দেশ ভাৰতবৰ্ষত। গৰ্বিত হৈছিলো স্বদেশৰ কথা সুঁৱৰি। অনুভৱ হৈছিল দেশে দেশে মোৰ দেশ।
Tell us about your thoughtsWrite message