#টিয়ানানমেন স্কুৱাৰৰ বিখ্যাত বাগিছাখন আৰু ফৰবিদেন নগৰী
বেইজিঙৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিশ্ববিদ্যালয়লৈ যাওতে সৌভাগ্য হৈছিল সুন্দৰ বাগিছাৰ সান্নিধ্যত থকা প্ৰাচীন চীনৰ ৰাজপ্ৰাসাদ Forbidden City (নিষিদ্ধ নগৰী) চোৱাৰ। সুবিশাল কুনমিং হ্ৰদৰ কাষে কাষে আগুৱাইছিল আমাৰ লিম’জিন বাছ খন। হ্ৰদৰ পানীৰ ওপৰেদি পাতল কুৱঁলী ভেদি উৰিযোৱা ৰাজ হংসৰ জাক দেখি উৰনীয়া হৈছিল মোৰ মনহংস।
গৈ গৈ পালোঁগৈ নিষিদ্ধ নগৰীৰ সন্মুখৰ টিয়ানানমেন স্কুৱাৰৰ (Tiananmen 440000 বৰ্গ মিটাৰ, 57 একৰ মাটিত) বিতোপন ফুলৰ বাগিছাখন। নানাৰঙী পিটুনিয়া, ছালভিয়া, নাৰ্জি আদি বিভিন্ন ফুলৰ সমাহাৰৰ লগতে ভিন্ন আৰ্হিৰ কলাত্মক ফুলসজ্জাই বিশাল ফুলনিখন সপ্ৰতিভ কৰি তুলিছে। প্ৰভাতী সুৰুজৰ কিৰণত জকমকাইছিল নিয়ৰ স্নাতা ৰঙীণ ফুলবোৰ।
আমাৰ চকুত পৰিল জাতীয় বীৰ সকলৰ স্মৃতিসৌধ (monument of people’s Hero, 37.94 মিটাৰ উচ্চ, 50.44 মিটাৰ বহল, 61.54 মিটাৰ দৈৰ্ঘ্যৰ)। প্ৰায় ছয় বছৰ (01/08/1952 – এপ্ৰিল 1958) ধৰি চলিছিল এই নিৰ্মাণ কাৰ্য্য। ব্যৱহৃত হৈছিল সোতৰ হাজাৰৰো অধিক গ্ৰেনাইটৰ অংশ আৰু শ্বেত মাৰ্বল।
ইয়াৰ পিছতেই আমাৰ চকুত পৰিছিল চীনৰ গৌৰৱময় ইতিহাসৰ স্বাক্ষৰ বহনকাৰী ৰাজপ্ৰাসাদ। জনতাৰ মাজত জনাজাত আছিল “নিষিদ্ধ নগৰী” নামেৰে (ForbiddenCity)। এক মিলিয়নৰো অধিক কৰ্মীৰ চৌধ্য বছৰ (1406 – 1420) যোৰা অপৰিসীম শ্ৰমদানৰ অন্তত সম্পূৰ্ণ হৈ উঠিছিল চীনৰ এই নিষিদ্ধ নগৰী। মিং ৰাজ বংশৰ পৰা আৰম্ভ কৰি চিং ৰাজ বংশলৈকে সাশন চলাইছিল এই ৰাজপ্ৰাসাদৰ পৰাই। ইয়াক শীতকালীন বাসভৱন হিচাবেও ব্যৱহৃত হৈছিল। 178 একৰ ভূমিৰ ভৱনটোত 8886 টা ৰুম আছে।
চীনৰ গৌৰৱময় পাচশবছৰীয়া শাসনৰ অন্তত 1925 চনত Forbidden City সৰ্বসাধাৰণ ৰাইজৰ বাবে Palace Museum হিচাপে মুকলি কৰি দিয়া হয়। 1987 চনত, বিশ্বঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষিত হয়। ৰাজপ্ৰাসাদৰ স্থাপত্যশিল্পৰ চমক দেখি অভিভূত হৈছিলো আৰু মুধচৰ অলংকৰণ বা অংগসজ্জা আছিল অনন্য। অজানিতে সন্মান উপজিছিলে সেই পাছশ বছৰৰ আগৰ মহান খনিকৰ সকললৈ। প্ৰাসাদৰ প্ৰাচীৰত কৰা স্পৰ্শ বিলাকে অনুভৱ কৰাইছিলে পাছশ বছৰীয়া ইতিহাসৰ বৰ্ণিল সান্নিধ্য। আমি দেখিবলৈ পালো স্বৰ্গীয় শান্তিৰ দ্বাৰ (Gate of heavenly peace)। চৰম সম্প্ৰীতিৰ দ্বাৰ (Gate of Supreme Harmony) ৰ মাজেৰে গৈ ৰাজ প্ৰাসাদ দৃশ্যমান হয়। নিষিদ্ধ নগৰীৰ কেন্দ্ৰত আছে চৰম সম্প্ৰীতিৰ গৃহ। ভিতৰত দেখা পাইছিলো ৰাজ সিংহাসন। ভিতৰৰ কাৰুকাৰ্য্য খচিত দৃশ্যই বহন কৰিছে প্ৰাচীন চীনা সভ্যতাৰ আভিজাত্যক।
Tell us about your thoughtsWrite message