#বৈচিত্ৰ্যময় পথেৰে প্ৰকৃতিৰ মনোৰম সৃষ্টি হাফলঙলৈ
দোকমোকালিতে (17-11-21) আমি গোলাঘাটৰ পৰা যাত্ৰা আৰম্ভ কৰিলো এটি সেউজ সন্ধানি মনেৰে। লক্ষ্য স্থান আছিল হাফলং। নামবৰ অভয়াৰণ্যৰ মাজেৰে গৈ চিলনীজানহৈ সৰিয়হজান পালোগৈ ধলপুৱাতে। মসৃণ সৰ্পিল পথেৰে আমি আগুৱালো। ৰাস্তাৰ দুয়ো কাষে গছ আৰু গছ। হালধীয়া ফুলেৰে দোঁ খাই খাই আছে অলেখ বাগান সোনাৰু। মাজে মাজে হিয়া উবুৰিয়াই ফুলিছে অৰন্যৰ শ্বেতকাঞ্চন। চকুত পৰিছিল পাতল কুৱঁলীৰ আস্বাদন। দুই এটা ঘৰ। মাজে মাজে ধাননি পথাৰ। কৰবাত আকৌ চেগুনৰ পাহাৰসদৃশ টিলা। অৱশেষত মাঞ্জা হৈ ডিফু ৰাস্তাত সোমালো। চকুত পৰিছিল দিফুৰ Recreation Park। পুৱাৰ লুচি পুৰিৰ লগতে কেটলী পিঠাৰ জুতি ললো আৰু লামডিং অভিমুখে আগুৱালো। সৰ্পিল গতিৰে আগুৱাই গৈছে মসৃণ পকী ৰাস্তাটো। বাট পথ জনশূন্য। কাষে কাষে ওখ ওখ অলেখ চেগুন। পৰিৱেশটোৱে গহন অৰন্যৰ নিৰৱতাৰ অনুভুতি আনি দিছিলে। এই ঠাই চোৱাক চেগুনৰ দেশ বুলি কলে ভুল কোৱা নহব। মাজে মাজে বিস্তীৰ্ণ নৈপৰীয়া কবি আৰু অন্যান্য খেতি। আমি আহি লামডিং-শিলচৰ সংযোগি ঘাইপথ পালোহি আৰু হাফলঙলৈ আগুৱালো। মসৃণ Four-laneৰ দুয়ো কাষে শুভ্ৰ শুভ্ৰ কহুঁৱাৰ চপলতা। লানি নিচিগাকৈ দোঁ খাই খাই আছে। কেইবাখনো ঠাই (Hatikhali, Dibolong, Thaijudisa) পাৰহৈ আহি পুৱা ছাৰে নমান বজাত পালোহি একালৰ ডিমাচাসকলৰ গৌৰৱময় ইতিহাসৰ স্বাক্ষৰ বহনকাৰি ৰাজধানী মাইবং (1536AD)। শুৱলা ডিমাচা ভাষাত ‘মাই’ মানে ধান আৰু ‘বং’ মানে প্ৰাৰ্চুয্যতা।
কাষেদি বৈ গৈছে কুলু কুলু ধ্বনিৰে ঐতিহ্যময় মাহুৰ নৈ। নিৰ্মল পাহাৰী পানী ভাগত প্ৰভাতি সুৰুজৰ কিৰণত তিৰবিৰাই আছিল নানাৰঙী সৰু-বৰ শিল বিলাক। নৈখন খোজ কাঢ়ি পাৰহৈ চাইছিলোগৈ শৈল গৃহ (Stone House)। ডিমাচা কছাৰী শাসন কালত কছাৰী ৰজা হৰিশ্চন্দ্ৰই সজাইছিলে।
পুৱা ছাৰে দহ মান বজাত পালোগৈ মাইবং সুৰংগ (1.1km)। ভাল লাগিছিল সুৰংগপথ অতিক্ৰমি। উৎকন্ঠাৰে ভৰপূৰ পথচোৱাৰ বৈচিত্ৰতাই মনটোক কৌতুহলময় কৰি তুলিছিল।
দহ বাজি পঞ্চাছ মিনিটত আমি পালোগৈ বেলিফুলৰ ঠাই মাহুৰ। পাহাৰী বেলি ফুলৰ (Tithonia diversifolia- Mexican sunflower) প্ৰাৰ্চুয্যতা মাহুৰৰ স্বকীয় বৈশিষ্ট্য। পাহাৰ আবৃত কৰি ৰাখিছিল এই হালধীয়া ফুল বিলাকে। ৰাস্তাৰ কাষে কাষে ফুলি থকা ফুল বিলাকে যেন পৰ্য্যটকক হাহি হাহি স্বাগতমহে জনাইছিল। কিবা এক অবুজ আৱেগত মাহুৰ হৈ পৰিছিল মোৰ আপোন।
পুৱা তেতিয়া চাৰে এঘাৰ মান বাজিছিল। প্ৰথম বাৰৰ বাবে চকুত ধৰা দিলে গুৰুগম্ভীৰ বৰাইল পৰ্বতমালা। পাতল মেঘৰ মাজৰে প্ৰভাতি ৰদত জিলিকিছিল সুউচ্চ গিৰিৰ শিখৰ। মন্ত্ৰমুগ্ধ কৰা বৰাইলৰ সৌন্দৰ্যই মোক কৰিছিল আত্মহাৰা।
বাৰমান বজাত আমি পালোগৈ জাতিঙ্গাৰ ইথনিক ভিলেজ (Ethnic Village)। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি আৰু ৰহণীয়া কৃষ্টিৰ সমন্বয়ৰ সুন্দৰ উপস্থাপন কৰিছে বিভিন্ন গৃহ নিৰ্মাণ আৰু পোছাক পৰিধান কৰি থকা নিখুঁত মুৰ্তিৰ জৰিয়তে। দিনৰ আহাৰ আমি তাতেই গ্ৰহন কৰিলো। খাদ্য প্ৰস্তুতিত আমাক অনুমতি দিলে ইথনিক ভিলেজৰ ইনচাৰ্জে। আবেলি তিনিমান বজাত আমি ইথনিক ভিলেজ এৰিলো।
আমি যাত্ৰা কৰিলো হাফলঙৰ আৱৰ্ত ভৱনলৈ (Circuit House)। বাতত আছে পৃথিৱীখ্যাত পক্ষীৰ মৃত্যু উপত্যকা জাতিঙ্গাত অৱস্থিত চৰাই নিৰীক্ষণ কেন্দ্ৰ (Bird watch tower, Jatinga-Old)। দ্বিতীয়তে হাফলং হ্ৰদ পালো চহৰৰ মাজমজিয়াতে। অতি পৰিষ্কাৰকৈ ৰাখিছে।
অৱশেষত আৱৰ্ত ভৱন পালোগৈ। সমুখৰ বাগিছাৰ পৰা দৃশ্যমান সুবিশাল বৰাইল পৰ্বতমালাৰ মনোৰম সৌন্দৰ্য বৰ্ণনাতীত। সেইয়া যেন এখনি সেউজ সাগৰ, ওখ চাপৰ কতনা লহৰ। ওপৰত আছে মেঘালী আকাশ। মাজত আছে বিশাল গিৰিখাট। দুয়ো কাষৰ ওখ ওখ দুৰ্গম পাহাৰক সংযোগ কৰা ৰেলৰ এখন শুভ্ৰ দলঙৰ দৃশ্যই সোনত সুৱগা চৰাইছে। তাৰপৰা দেখিবলৈ পালো সুউচ্চ বৰাইল পৰ্বতমালাত সূৰ্য্যাস্তৰ আবেলি। সুৰুজৰ সোণালী কিৰণত উদ্ভাসিত হৈছিল ওখোৰা মোখোৰা পাহাৰৰ ঢৌ। যেন শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা হেঙুল হাইতালৰ বোলহে। লাহে লাহে ধৰালৈ নামি আহিল সন্ধ্য। বৈ আহিছিল ভাল লগা এজাক চেঁচা বতাহ। নিৰ্মল আকাশৰ বুকুত নিমজ্জিত জোনবাইৰ স্নিগ্ধ পোহৰে পোহৰাইছে বৰাইল পৰ্বতমালা। কি এক মায়াবী জোনালী নিশা। বাগিছাৰ ঘাহনিত খোজ কাঢ়ি প্ৰাণ ভৰাই উপভোগ কৰিলো প্ৰকৃতিৰ এই আমোঘ সৌন্দৰ্য।
Tell us about your thoughtsWrite message