(14)#প্ৰকৃতিৰ_অলংকাৰ

#চীন দেশৰ গ্ৰেইট ৱাল আৰু বৰ্ণিল পাহাৰ

2010 চনৰ, অক্টোবৰ মাহ। সৌৰ কোষৰ (solar cell) গৱেষণা সুত্ৰে বেইজিঙৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিশ্ববিদ্যালয়লৈ (University of Scienceand Technology Beijing) যাওতে চকুৰে দেখাৰ সৌভাগ্য মিলিছিল বিশ্বআশ্চৰ্য্যৰ স্থান দখল কৰা চীনৰ সুদীৰ্ঘ মহা প্ৰাচীৰৰ (21,196.18km) এটা অংশ। তেতিয়া শৰতৰ আগমন ঘটিছিলে। আমাৰ দাতি কাষৰীয়া দেশ চীনত ঠাণ্ডা পৰিছিল। Great Wall আজিৰ বিশ্বমানৱৰ বাবে মহান মিলন ক্ষেত্ৰ। পৃথিৱীৰ বিভিন্ন দেশৰ হাজাৰ হাজাৰ মানুহ দেখি অভিভূত হৈছিলো। কাষৰ বৰ্ণিল পাহাৰে মন বাৰুকৈয়েই আকৃষ্ট কৰিছিল। চৌপাশে কুৱঁলীৰ আলফুল চাদৰ আৰু নিয়ৰৰ ‘টুপ টুপ’ টোপালৰ শব্দ। পাহাৰ আবৰি থকা গছ বিলাকৰ নিয়ৰ সিক্ত ৰঙচুৱা, হালধীয়া আৰু বাদামী পাত বিলাক পুৱাৰ সূৰুযৰ সোনালী কিৰণত জকমকাই জিলিকি উঠিছিল। মেপোল গছৰ দোঁ খাই থকা নানাৰঙি উজ্জল পাত বিলাকে আমাক যেন সম্ভাষনহে জনাইছিল। বিমূৰ্ত এই পৰিবেশ, বিচিত্ৰ এই দৃশ্য। যেন ভিন্ন দেশৰ আলহী সকলক আদৰিবলৈ বৰ্ণিল পাহাৰৰ ৰঙীণ প্ৰস্তুতি। থলুৱা গছৰ প্ৰাৰ্চুয্যতাই পাৰিপাৰ্শ্বিক (ecological) ভাৰসাম্যতা ৰক্ষাৰ ক্ষেত্ৰতো অৱদান আগবঢ়াইছে। সদৃশ গছ চিকিমৰ নাথুলা পাছৰ কাষৰীয়া পাহাৰতো দেখিছিলো। অৱশ্য গ্ৰেইট ৱালৰ কাষত আছে অলেখ। প্ৰাচীৰত ঠেকা খাই প্ৰতিধ্বনিত হৈছিল চেঁচা বতাহৰ গুনগুননি। এইয়া যেন বৰ্ণিল পাহাৰৰ প্ৰাচীন গৌৰৱময় সভ্যতাৰ অতীত ৰাগিনী। প্ৰহৰী স্তম্ভ (beacon tower) বিলাকত প্ৰবেশ কৰোতে কিবা ইতিহাসৰ মাজেদি যোৱা যেন লাগিছিল। সুউচ্চ অষ্টম প্ৰহৰী স্তম্ভত লিখা আছে “Speaking cellphone is strictly prohibited when thunderstorm”। আচৰিত হৈছিলো তেওঁলোকৰ উচ্চ প্ৰযুক্তি সমৃদ্ধ গৌৰৱময় ইতিহাসৰ কথা ভাবি। কিমান যে নজনা কথা বুকুত সাৱতি স্থিৰ হৈ আছে এই মহা প্ৰাচীৰ আৰু এই বিশাল বৰ্ণিল পাহাৰবোৰ। মনৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিলো সেই সকল মহান কৰ্মীলৈ যাৰ শ শ বছৰ যোৰা অপৰিসীম কষ্ট আৰু ত্যাগৰ বিনিময়ত পূৰ্ণ হৈ উঠিছিল এই পৃথিৱীখ্যাত মানৱ সৃষ্টি।

Tell us about your thoughtsWrite message

Your email address will not be published. Required fields are marked *

Back to Top
Back to Top
Close Zoom
Copyright © 2023. Warning-Copy of any content,images is not allowed by the owner.