(10)#প্ৰকৃতিৰ_অলংকাৰ

#কাৰ্বি পাহাৰ আৰু কাইফ’লাংচো

কাৰ্বি পাহাৰৰ মনোৰম প্ৰাকৃতিক পৰিৱেশ ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। এই সৌন্দৰ্য যেন কাৰ্বি পাহাৰৰ গৰিমাৰ অনন্য প্ৰতিভূ। নীল গগনত শুভ্ৰ মেঘৰ চলাচল, বনহংসৰ কল্লোলে জীপাল কৰি তোলে পৰ্য্যটকৰ মন-প্ৰাণ। পাহাৰৰ ঘন সেউজীয়াবোৰ য’ত শেষ হৈছেহি তাৰপৰাই আৰম্ভ হৈছে ওখ-চাপৰ ধুনীয়া চাহ বাগিছাবোৰ। মাজে মাজে সজাল ধৰা ধানেৰে ভৰা বিস্তীৰ্ণ শ্যামলী পথাৰ। অ’ত-ত’ত দুই এটা টঙি ঘৰৰ উপস্থিতি। এঢলীয়া পাহাৰত আনাৰসৰ খেতি। পাহাৰৰ ওখ টিঙত আছে ‘তৰাপুং’। তাৰপৰা নিগৰি ওলোৱা নিম্নগামী জলৰাশিয়ে শিলে শিলে ঠেকা খাই বৈ আহি নাম লৈছেহি কাইফ’লাংচো জলপ্ৰপাত (Kaipholangso waterfalls)। জৰ্-জৰ্ কৈ বৈ আছে। লগতে জিৰি-জিৰকৈ খৰশ্ৰোতা কাকনৈ আৰু পাহাৰী নিজৰাৰ কুলু-কুলু ধ্বনি। এইয়া যেন কাৰ্বি পাহাৰৰ এক চিৰ শাশ্বত সুৰ। জলপ্ৰপাতৰ শীতল বতাহৰ পৰশে শৰীৰ তিয়াই আৰু মন জুৰাই। বতাহত ভাহি ফুৰা পানীৰ কণিকাৰ চিকমিকনি আৰু মাজে মাজে সুৰ্য্যৰ কিৰণত ৰামধেনুৰ সাতোৰঙৰ সমাহাৰ। এই মায়াময় ৰূপত আপ্লুত মন হৈ পৰে আত্মহাৰা। অপলক নেত্ৰে মন্ত্ৰমুগ্ধ হৈছিলো। মনলৈ আহিছিলে এক অতিন্দ্ৰিয় অনুভূতি। প্ৰকৃতিৰ এই অনন্য অৱদানৰ প্ৰতি কৃতজ্ঞতা আৰু শ্ৰদ্ধাৰে মুৰ দোঁ খাই গৈছিল।

Tell us about your thoughtsWrite message

Your email address will not be published. Required fields are marked *

Back to Top
Back to Top
Close Zoom
Copyright © 2023. Warning-Copy of any content,images is not allowed by the owner.