“तुम प्रेम हो…तुम प्रीत हो
मेरी बांसुरी का गीत हो… “
…বিখ্যাত গায়ক Mohit lalwaniয়ে ৰাধা-কৃষ্ণৰ অমৰ গাথাকলৈ গাইছিলে এই গীতটি । ভূৱন পৰশা মুৰুলীৰ সূৰৰ উপৰিও ৰামধেনুৰ সাতোটা ৰঙে ঢৌ খেলি যোৱা কৃষ্ণৰ মষ্টকত শোভা বৰ্দ্ধন কৰা ময়ূৰৰ পাখি ৰাধাৰ প্ৰিয় । চালি ধৰি নৃত্যৰত ময়ূৰক মুক্তভাৱে দেখিবলৈ পোৱাতো বিৰল । আমাৰো (চাৰি বন্ধু) দেখাৰ সৌভাগ্য ঘটিছিল Delhi-Aligarh পথৰ কাষৰ ধাবাত সুস্বাদু আহাৰৰ জ্যোতি লৈ থকোতে । মুগ্ধ হৈছিলোঁ ময়ূৰৰ এই নান্দনিক দৃশ্য দেখি ।
ৰাধাৰ প্ৰিয় ময়ূৰৰ পাখিৰ এই সৌন্দৰ্যৰ আৰৰ ৰহস্যনো কি? আমি যদি নিচেই ওচৰৰ পৰা mobile phoneৰ কেমেৰাৰে (high resolution, high pixel) মৌৰা পাখি zoom কৰো, অলপ অন্য ধৰণৰ photograph (macrophotography) দেখা পাওঁ (মোৰ কেমেৰাৰে তোলা photo দিলো) । আৰু অধিক zoom কৰিবলৈ SEMৰ (scanning electron microscope) আৱশ্যক । সম্পুৰ্ণ এক বেলেগ গঠন (structure) 100 nanometer ব্যৱধানত দৃশ্যমান হয় । এইয়াই photonic nanostructure । এই গঠনে কিছুমান পোহৰ কণা (photon) শোষণ কৰি এৰি দিয়া বাকী ৰশ্মিয়ে এক পৰিঘটনাৰ যোগেদি আমাৰ চকুত এক জিকমিকনিৰ (iridescence) সৃষ্টি কৰি ময়ূৰক অতুলনীয় কৰি তুলিলে । আমি ক্ষুদ্ৰৰ পৰা যদি ক্ষুদ্ৰলৈ গৈ থাকো আমি পৃথিবীখনক নতুনকৈ দেখা পাওঁ । এইয়াই Nanoscience। প্ৰকৃতিৰ বহু পৰিঘটনাৰ লগত জড়িত এই বিজ্ঞান। এই যাত্ৰা অ ..বি..ৰ…ত…
Back to
Top
Tell us about your thoughtsWrite message