“চিক্ চিক্ চিক্ চিক্……….”
দোকমোকালিতে প্ৰায়েই শুনো এই শব্দটো। ঠিক মনোমোহা সুহুৰিৰ দৰেই। শোৱাপাটী এৰি কেইবাদিনো নিৰীক্ষণ কৰিলো। লগত গধুৰ কেমেৰাটো। এদিন সৌভাগ্য মিলিল। কাষৰ ৰাঙল ফুল জোপাৰ পৰা ভাঁহি আহিছিল এই শব্দ। মোৰ উপস্থিতিৰ উমান পাই দুটি কনমানি চৰাই উৰি গ’ল কাষৰ বগা কৰবীৰ গছজোপালৈ। মই কেমেৰাৰ লেন্সত ফ’কাচ কৰিবলৈ যত্ন কৰিলো। পাতৰ আৰত লুকাই লুকাই ঘুৰি ফুৰা বাবে ইহঁতক সাধাৰণতে স্পষ্টকৈ চকুত নপৰে। অৱশেষত লেন্সত ধৰা দিলে এটি লিচ্ পিচীয়া সেন্দুৰীয়া কনমানি চৰাই আৰু এটি বাদামী-সেউজীয়া একে প্ৰজাতিৰ চৰাই। গছৰ লাহী ঠানি সাবটি বতাহৰ লগে লগে দোলিছিল চঞ্চল চৰাই দুটি। সিহঁত নিজৰ পৃথিৱীত ব্যস্ত। জিৰাবৰ যেন নাই আহৰি। অতি চঞ্চল। একে ঠাইত ৰৈ নাথাকে। গছৰ এপাহ ফুলৰ পৰা আনপাহলৈ জপিয়াই ফুৰিছিল। সামান্যভাৱে ভাঁজ লোৱা দীঘল ক’লা ঠোঁটটো ফুলত ভৰাই দি মৌ শুহিছিল। সেয়েই নাম পালে “মৌপিয়া”। ইংৰাজীত কোৱা হয় “crimson sun bird”।
আকাৰত ঘৰচিৰিকাতকৈও সৰু যদিও উজ্জ্বল ৰঙেৰে উদ্ভাসিত ইহঁত এবিধ আটক ধুনীয়া চৰাই। ইয়াৰ কাৰণ ইহঁতৰ পাখিৰ বিশেষ গঠন। “হামিং বাৰ্ডৰ” দৰেই মৌপিয়া চৰাইৰ শৰীৰৰ কিছু অংশ চিকমিকাই ইহঁতৰ পাখিৰ এই বিশেষ গঠনৰ বাবেই। ইয়াৰ ব্যাখ্যা পোৱা যায় “নেন’ বিজ্ঞানত”। ঠোঁটৰ তলৰ পৰা বুকু অংশ সেন্দুৰৰ দৰেই উজ্জ্বল ৰঙা। কপাল নীলাভ ক’লা। মূৰৰ পিছৰ পৰা পিঠিলৈকে কিছু অংশ সেন্দুৰীয়া। পেটৰ অংশ শেঁতা বগা। এইবিধ মৌপিয়া আমি সাধাৰণতে দেখি থকা “সেন্দুৰীয়া মৌপিয়া”। স্ত্ৰী মৌপিয়াৰ ৰং অৱশ্যে অমৰাৰ ৰঙৰ দৰেই সেউজীয়া (olive-green)।
তথ্য অনুসৰি সমগ্ৰ পৃথিৱীতে প্ৰাই ১৪৬ বিধ মান প্ৰজাতিৰ মৌপিয়া চৰাই আছে। মৌ ইহঁতৰ প্ৰধান খাদ্য। ইহঁতে বিভিন্ন ঋতুত বিভিন্ন ফুলৰ পৰা মৌ সংগ্ৰহ কৰে। ফাগুণৰ বতৰত শিমলু, পলাশৰ ৰঙীন পাহিত দেখা যাই ইহঁতৰ ব্যস্ততা। গ্ৰীষ্মৰ বতৰত আকৌ জবা, কৰবি, ৰাঙল আদি ফুলৰ পাহিত ইহঁতৰ সঘন অহা-যোৱা।
জুন আৰু আগষ্ট মাহ ইহঁতৰ মিলন কাল। পুৰুষ আৰু স্ত্ৰী চৰাই উভয়েই মিলি জোপোহা গছৰ ডালৰ ফেৰেঙণিত শুকান ঘাহঁ আৰু লতাৰে বাঁহ সাজে। পুৰুষ চৰাইয়ে শিশুৰ লালন-পালনৰ বাবে খাদ্য সংগ্ৰহ কৰে। মৌপিয়া চৰাই আফ্ৰিকা, দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া, দক্ষিণ চীন আদি দেশত বিস্তৃত। এই ৰঙীন চৰাইটি আমাৰ প্ৰকৃতিত শান্তিৰে আৰু নিৰ্ভয়ে থকাৰ কামনা কৰিলোঁ। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏








Tell us about your thoughtsWrite message