সেইদিনাখন আছিল কাতি বিহু। পুৱাতেই ওলাই গৈছিলো চৰলাবিললৈ নতুন পক্ষীৰ সন্ধানত। আকাশ ফৰকাল আছিল। এচোপ দুচোপ শুকুলা ডাৱৰৰ অহা-যোৱা। প্ৰকৃতিৰ বুকুত এতিয়া শৰতৰ সুবাস। শান্ত বিলখনৰ কাষৰ বৰআলিয়েদি ককিলামুখৰ ফালে ধিৰে ধিৰে যাত্ৰা আৰম্ভ কৰিলো। চৰলাবিলৰ জলৰাশিত বিৰাজ কৰিছে শৰতৰ স্নিগ্ধতাই। বৰআলিৰ বাওঁফালে আছে পটীয়াচৰলা বিল আৰু মাজে মাজে শ্যামলিমা শস্যৰ ভৰণ পথাৰ। চকুত পৰিল চৰলাবিলৰ সিপাৰে শুভ্ৰ শুভ্ৰ কহুঁৱাৰ ছবি। চৌদিশে শৰতৰ মৃদু হিল্লোল। পথটিৰ দুইকাষে আছে ওখ ওখ গছবোৰ। গছৰ ইটো ডালৰ পৰা সিটো ডাললৈ উৰি গৈছে চৰাইবোৰ। বন্য পক্ষীৰ মৃদু-মধুৰ কল্লোল। পথৰ কাষৰ গছবোৰৰ পাতৰ মাজেৰে লক্ষ কৰিলো বিল খনলৈ।
বিলৰ জলৰাশিত সন্তোষ্ট চিত্তে বিহাৰ কৰিছে ভিন্ন জলজ পক্ষীয়ে। চকুত পৰিল শৰালিৰ জাক, পানী ডাউক, ঢেকৰ আদি। নাই কোনো ভেদ ভাৱ। একেলগেই চৰিছে। তাৰেই মাজত সাতুৰি নাদুৰি ওমলিছে কেইটিমান কনমাণি বনহংসই কিনো লয়লাসে। তেনেই সৰু। আকাৰত পাৰচৰাইতকৈ সামান্য ডাঙৰ। নাম ঘিলাহাঁহ বা নাক খেচখেচী (Cotton PygmyGoose)। পক্ষীবিদ Sálim Ali ৰ “The Book of Indian Birds” শীৰ্ষক কিতাপখনত ঘিলাহাঁহ সম্পৰ্কে উল্লেখ আছে—“The smallest of our wild ducks,”— অৰ্থাৎ বনহংসৰ আটাইকৈ সৰু প্ৰজাতিটো হৈছে ঘিলাহাঁহ যাক প্ৰথম দেখাৰ মোৰ সৌভাগ্য হৈছিল চৰলাবিলৰ স্থিৰ জলৰাশিত। বৰআলিৰে সন্তৰ্পনে আগবাঢ়িলো বিলখনৰ কাষে কাষে। দেখা পালো অ’ত-ত’ত ঘিলাহাঁহৰ জাক। পানীপূৰ্ণ খেতি-পথাৰ, হ্ৰদ আদিতো ইহঁতে বিচৰণ কৰে।
ঘিলাহাঁহৰ মুৰৰ আকৃতি গোলাকাৰ। ঠোঁট চুটি। মূৰ, ডিঙি আৰু তলৰ অংশৰ ৰং বগা। দেহৰ অধিকাংশই বগা। ইহঁতৰ ঠেং চুটি। নিৰিক্ষণ কৰাৰ উদ্দেশ্যে মই এঠাইত ৰৈছিলো। হথাৎ বিলৰ পানীত ঢৌৱাই উৰি গ’ল এজাক ঘিলাহাঁহ। অতি সুন্দৰ এই উৰন্ত বনহংসৰ দৃশ্য! জকমকাই থকা সেউজীয়া ডেউকাত জিলিকিছিল শুকুলা আঁচ। উৰি যাওতে শব্দ কৰে। স্ত্রী ঘিলা হাঁহৰ বৰণ অৱশ্যে শেঁতা।
ইহঁতৰ খাদ্যৰ তালিকাত আছে শাক-পাচলিৰ ভিন্ন অংশ, পোক-পতংগ, কেকোঁৰা ইত্যাদি।
ইহঁত আমাৰ থলুৱা চৰাই আৰু স্থানীয় ভাবে পৰিভ্রমী। তথ্য অনুসৰি ইহঁত সমগ্ৰ ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, ম্যানমাৰ আদি দেশত বিস্তৃত।
এই ঘিলাহাঁহ আমাৰ প্ৰকৃতিত শান্তিৰে আৰু নিৰ্ভয়ে জীয়াই থকাৰ কামনা কৰিলোঁ। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏
Back to
Top
Tell us about your thoughtsWrite message