সেইয়া আছিল বসন্তৰ এটি নিৰ্জন দুপৰীয়া। টুক টুক টুক টুক…. শব্দ এটি ভাহি আহিছিল ঘৰৰ কাষৰ আঁহতজোপাৰ পৰা লেথাৰি নিছিগাকৈ। ঠিক তামৰ বাতিত কমাৰে হাতুৰীৰে কোবালে হোৱা শব্দৰ দৰে। মাতৰ পৰা গম লৈ গছত চকু থ’লেই নিমাত হৈ যায়। মই এইবাৰ গছজোপা নিঃশব্দে নিৰীক্ষণ কৰিলো। আকৌ আৰম্ভ হ’ল সেই একেই অবিশ্ৰাম ৰাৱ…. টুক টুক টুক টুক…. হথাৎ জলফাইৰ বৰণৰ দৰে সেউজীয়া (olive-green) চৰাই এটি গছজোপাৰ পৰা উৰি গ’ল। আকাৰত ঘৰচিৰিকাতকৈ অলপ ডাঙৰ, বুলবুলিতকৈ সামান্য সৰু। পক্ষীবিদ Sálim Ali ৰ “The Book of Indian Birds” শীৰ্ষক কিতাপখন চাই গম পালো যে ই এবিধ সৰু আকাৰৰ হেটুলুকা চৰাই। তামৰ বাতিত হাতুৰীৰে কোবালে হোৱা শব্দৰ দৰে ঘনে ঘনে মাত উলিয়াই বাবে ইংৰাজীত এই চৰাইবিধক Coppersmith Barbet বুলি অভিহিত কৰিছে (Magalaima haemacephala)। হিন্দীত ইহঁতক “छोटा बसन्ता” বুলি কয়। বংগ ভাষাত
“ছোট বসন্তবৌৰি” বুলি কোৱা হয়। অসমীয়াত “বসন্ত চৰাই” বুলি অভিহিত কৰিছে।
অৱশেষত চৰাইটিক দেখাৰ সৌভাগ্য মিলিলে। দূৰ্গা পূজাৰ বন্ধত এদিন পুৱা (২৩/১০/২০২৩) চৰলাবিললৈ পক্ষী নিৰীক্ষণৰ উদ্দেশ্যে ওলাই গ’লো। বিলৰ চৌপাশে বিৰাজমান প্ৰকৃতিৰ শান্ত-সমাহিত ৰূপে মন-প্ৰাণ চুই গ’ল। ভাল লাগিছিল গৈ থাকোতে কাষৰ সেউজ পথাৰখনত ঢৌৱাই যোৱা বতাহ জাকৰ শীতল স্পৰ্শত। অনুভৱ কৰিছিলো এক সুকীয়া মাদকতা। এইয়া যেন মধুময় শৰতৰ যাদুকৰী স্পৰ্শ। হথাৎ যাত্ৰাপথৰ কাষৰ বৈদ্যুতিক তাঁৰত চকু পৰিল। পুৱাৰ ৰ’দ লৈ তাঁৰত বহি আছিল এই সেউজ পক্ষীটি। কেমেৰাৰ লেন্সত ফ’কাচ কৰি পক্ষীটিক নিৰীক্ষণ কৰিলো। ঠোঁটৰ বৰণ ক’লা। ডাঙৰ চকুযুৰি হালধীয়া বলয়ৰে আবৃত। ক’লা বৰণৰ চকুৰ মণি দুটা ৰঙা বলয়ৰে আবৃত। কপালৰ অংশ উজ্জল ৰঙা। ঠোঁটৰ তলৰ অংশ হালধীয়া। বুকুতো আছে ৰঙা দাগ। নেজ চুটি। ঠেঙৰ বৰণ ঈষৎ ৰঙা। ভিন্ন ৰঙৰ সংমিশ্ৰণ এই বসন্ত পক্ষী।
ইহঁতক সাধাৰণতে ফল লাগি থকা গছ, মুকলি কাঠনি, বনাঞ্চল আদিত দেখা পোৱা যায়। ফল লগাৰ সময়ত ইহঁতক বৰ বা আঁহত গছত বেছিকৈ দেখা যায়। গছৰ ডালত ইহঁতে কাঠৰোকা চৰাইৰ দৰে বাহ সাজে। এইবিধ আমাৰ থলুৱা চৰাই।
তথ্য অনুসৰি ইহঁত সমগ্ৰ ভাৰতবৰ্ষতে বহুলভাৱে বিস্তৃত। পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, ম্যানমাৰ আদি দেশতো এই চৰাইবিধ দেখা যায়। বসন্ত চৰাইৰ বিচৰণ প্ৰকৃতিৰ কোলাত অটুট থাকক। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏
Back to
Top
Tell us about your thoughtsWrite message