দৈনন্দিন ব্যস্ততাৰ মাজত অকনমান সময় উলিয়াই গছ-বিৰিখলৈ লক্ষ কৰিলে বহুত নজনা কথা শিকা যায়। এদিনৰ কথা; আমাৰ কৰ্মস্থানৰ এজন প্ৰকৃতিপ্ৰেমী সহকৰ্মীয়ে মোক এজোপা কৰ্মস্থানতে থকা বিলাতী এজাৰৰ (Lagerstroemia indica) কাষলৈ মাতিলে। আমি গছজোপা নিঃশব্দে নিৰীক্ষণ কৰিলো। গছজোপাৰ পৰা ‘সিসি.. টিসিৰ..’ সুৰীয়া শব্দ কিছুমান ভাহি আহিল। হথাৎ জলফাইৰ বৰণৰ দৰে সেউজীয়া বৰণৰ চৰাইৰ সৰু জাক এটি উৰি গ’ল। আকাৰত টুনি চৰাইৰ সমান। চৰাইৰ জাকটো কাষৰ বিলাতী এজাৰৰ অন্য এজোপা গছত পৰিলগৈ। ইহঁত অতি চঞ্চল। ৰৈ নাথাকে। কেমেৰাৰ লেন্সত ফ’কাচ কৰাটো কঠিন। ইহঁতৰ চকুৰ চাৰিওফালে থকা উজ্জ্বল বগা আঙঠিয়ে আমাৰ দৃষ্টি আকৰ্ষণ কৰিলে। ঠিক চশমা পিন্ধা যেন লাগে।
চৰাইটিৰ নামটো সঠিকভাৱে জানিবৰ বাবে “Birds of the Indian Subcontinent” শীৰ্ষক বিখ্যাত কিতাপখন (Richard Grimmett, Carol Inskipp, Tim Inskipp) চালো। নাম “Oriental white eye”। অসমীয়াত ইহঁতক “বগা চকুৱা টিপচী চৰাই” বুলি কয়। অপৰূপ ৰূপৰ অধিকাৰী এই চৰাইটিক বংগ ভাষাত “বাবুনাই” বা “শ্বেতাক্ষী” বোলে।
ইহঁতৰ দেহৰ ওপৰৰ অংশ সেউজীয়াৰ পৰা সোণালী হালধীয়া। কেতিয়াবা উজ্জ্বল হালধীয়া ৰঙো দেখা দিয়ে। সৰু ক’লা ঠোঁটটো তললৈ সামান্য বেঁকা। ডিঙি উজ্জ্বল হালধীয়া। পেটৰ পাখি বগা ধূসৰ আৰু ঠেং দুখন ক’লা।
এই থলুৱা চৰাইবিধ ভাৰত বৰ্ষত বহুল ভাৱে বিস্তৃত অন্যতম সৰু চৰাই। তথ্য অনুসৰি ভাৰতৰ বাহিৰেও ইহঁতে ওমান, ইৰাণ, আফগানিস্তান, পাকিস্তান, চীন, ভাৰত, ভূটান, নেপাল, ম্যানমাৰ আদি দেশত বাস কৰে।
ফুল ফুলা গছত (যেনে মদাৰ) ইহঁতক দেখা যায়। ফুলৰ পৰা মৌ ৰস খায় বা ফল-মূল খায়। গছৰ ডাল-পাত-ফুলৰ ওপৰত জপিয়াই জপিয়াই খাদ্য সংগ্ৰহ কৰে। ইহঁতক “পাতমুগী” বুলিও কোৱা শুনিছো। এই চৰাইবিধে গছৰ ডাল-পাতত ওলোটাকৈ ওলমি থকা দৃশ্য অতি মনোৰম। দক্ষিণ ভাৰতৰ ইলাচি বাগিচাতো এই চৰাইবিধ দেখা যায়। অসমত বিলাতী এজাৰৰ গছত প্ৰায়েই ইহঁতক দেখা যায়। পোক-পৰুৱাৰ সন্ধান কৰে। এই চৰাই বিধৰ বিচৰণ প্ৰকৃতিৰ কোলাত অটুট থাকক। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏
Back to
Top
Tell us about your thoughtsWrite message