এতিয়া নৱেম্বৰ মাহ। প্ৰচণ্ড গ্ৰীস্মই বিদায় লোৱাৰ উপক্ৰম। কুৱলীৰ আলফুল চাদৰে সুন্দৰ কৰি তুলিছে কাতিৰ স্নিগ্ধ পুৱাবোৰ। বাটৰ কাষৰ দূবৰিও বিভোৰ অপেক্ষাৰত নিয়ৰৰ উষ্ম আলিংগনত। বছৰৰ বেছি ভাল লগা সময় এইয়াই। প্ৰকৃতিৰ খাল-বিল, জলাহভূমি এতিয়া আলহী পক্ষীৰ আগমনত মুখৰ হৈ পৰিছে। এনে এটি কাতিৰ পুৱাতেই ওলাই গৈছিলো ব্ৰহ্মপুত্ৰৰ দুই নং স্পাৰৰ কাষৰ বিলখনৰ পাৰৰ বৰআলিয়েদি।
সন্তৰ্পনে গাড়ী চলাইছিলো যাতে কাষৰ বিলখনত বিচৰণ কৰি থকা পক্ষীকূলৰ শান্তিত কোনো ব্যাঘাত নজন্মে। কোনো চৰাইয়ে গীত জুৰিছে। যেন একান্ত মনে সংগীত সাধনাহে কৰিছে। বিলখনত চকুত পৰিল ঘিলাহাঁহ, ৰঙা ঠোঁটৰ পানী ডাউক, বগা ঠোঁটৰ নল ঢেকৰ ইত্যাদি ইত্যাদি। সিহঁতৰ চঞ্চল গতিবিধিবোৰে মোক আকৃষ্ট কৰিলে। কেতিয়াবা সিহঁতে জাক পাতি সাতোঁৰে।
দুৰৈত চকুত পৰিল এটি বনহংস। দেওদি দেওদি সাতুঁৰিছে বিলৰ পানীত। লগে লগে মোৰ কেমেৰাৰ লেন্স ফকাচ আৰু মুভমেণ্ট আৰম্ভ হ’ল। দেখাত আমাৰ পাতি হাঁহৰ দৰে। নাম ফুটুকী হাঁহ (Spot Billed Duck)। কিবা নেচনেল জিঅ’গ্ৰাফীৰ চেনেল চাই থকা যেন লাগিল। বনহংসৰ ঠোঁট ৰংচঙীয়া। ঠোঁটৰ গুৰি ৰঙা। মাজ অংশ কৃষ্ণ বৰ্ণৰ, আগ অংশ হালধীয়া। গাটো ধোৱা-মূগা বৰণৰ। ঠেঙৰ ৰং কমলা বৰণৰ। চকুযুৰি কাজল সনাৰ দৰে। হথাৎ বনহংসই উৰা মাৰিলে। কি সুন্দৰ এই উৰাৰ দৃশ্য। তাৰ ডেউকাত চিকমিকাইছিল গাঢ় সেউজ-নীলাভ বৰণে। এই ৰঙেই মোক বৰকৈ আকৃষ্ট কৰিছিল।
এই দৃশ্যবোৰে মোৰ মন ভৰাই তুলিছিল। এই ঘটনাবোৰৰ সাক্ষী আছিল মোৰ কেমেৰাটো আৰু নিৰ্বাক গাড়ীখন। মোক লগ দিছিল গছবোৰৰ পাতৰ মাজেৰে হো-হোৱই বলি থকা শৰতৰ শীতল বতাহজাকে, পানীত সন্তোষ্ট চিত্তে সাঁতুৰি নাদুৰি থকা শৰালিৰ জাকে। তন্দ্ৰালু হৈ পৰিছিলো। কি এক ৰোমাঞ্চকৰ অনুভৱ! আপোন পাহৰা হৈ পৰিছিলো এই দৃশ্যবোৰ দেখি। সম্বিত ঘূৰাই আহিল যেতিয়া, তেতিয়াহে গম পালো এই নিস্তব্ধ পৰিবেশ জনশূন্য। মোৰ বাদে তাত কোনোৱেই নাছিল। তথাপিও অনুভৱ নকৰিলো মই অকলশৰীয়া বুলি। প্ৰকৃতিৰ সন্মোহনে মোক লগ দিছিল। শেষত এষাৰ সংস্কৃত শ্লোকৰে সামৰিছো।
“অয়ম নেত্ৰং নিৰ্বাণং”
মোৰ চকুৱে নিৰ্বাণ লাভ কৰিলে!
Back to
Top
Tell us about your thoughtsWrite message