(80)#প্ৰকৃতিৰ_অলংকাৰ

#শিলকতৰা

শীতৰ আৰম্ভণিৰ লগে লগে অসমৰ নদী-বিল, জলাহভূমিত বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী পক্ষীৰ আগমন হয়। কাজিৰঙাৰ চহলাবিল, পানীদিহিং অভয়াৰণ্য, দীপৰ বিল, মেৰবিলকে ধৰি অসমৰ বিভিন্ন জলাহ অঞ্চল সমূহ যেন শীতৰ আলহীক আদৰিবলৈ প্ৰস্তুত হৈছে। যোৰহাটৰ চৰলাবিলো ইয়াৰ ব্যতিক্ৰম নহয়। ভিন্ন প্ৰজাতিৰ হাঁহ, চাকৈ-চকোৱা এতিয়া ইয়াত সহজদৃষ্ট।
এদিন পুৱা চৰলাবিললৈ যাওতে যাত্ৰাপথৰ কাষৰ মুকলি ঘাহঁনি পথাৰৰ ওপৰত থকা বৈদ্যুতিক তাঁৰত চকু পৰিল। পুৱাৰ ৰ’দ লৈ তাঁৰত বহি আছিল এটি বাদামি ৰঙৰ অচিন পক্ষী। কেমেৰাৰ লেন্সত ফ’কাচ কৰি পক্ষীটিক নিৰীক্ষণ কৰিলো। আকাৰত ঘৰচিৰিকাৰ সমান। ঠোঁটৰ বৰণ ক’লা। চকুযুৰি ক’লা বলয়ৰে আবৃত। কপালৰ পৰা মূৰৰ পিছৰ অংশলৈকে বৰণ উজ্জল ক’লা-মূগা। ৰ’দত তিৰবিৰাইছিল মূৰৰ অংশ। ঠোঁটৰ তলৰ অংশ ক’লা। বুকু অংশৰ বৰণ কমলা-মূগা। ডিঙিৰ কাষত কলাৰৰ দৰে এডাল বগা গলমণিও আছে। ডেউকাতো বগা ৰং পৰিলক্ষিত হৈছিল। ঠেঙৰ বৰণ ঈষৎ ক’লা।
পক্ষীবিদ Sálim Aliৰ “The Book of Indian Birds” শীৰ্ষক কিতাপখন চাই গম পালো যে শীত কালত সমগ্ৰ ভাৰত বৰ্ষ, বাংলাদেশ, পাকিস্তান, ম্যানমাৰ আদি দেশত এই চৰাইবিধে বিচৰণ কৰে। দুটা শিলগুটি একেলগে টোকৰ মাৰিলে হোৱা শব্দৰ দৰে মাত উলিয়াই বাবে ইংৰাজীত এই চৰাইবিধক “Stone Chat” বুলি অভিহিত কৰিছে। অসমীয়াত “শিলকতৰা” বুলি কোৱা হয়।
অলপ দূৰ গৈ আকৌ এটি একে ধৰণৰ চৰাই পালো। এইবিধ মাতৃ চৰাই। চকুযুৰি আকৰ্ষনীয়। মুৰৰ অংশ ইষৎ ক’লা। ডিঙিৰ কলাৰৰ ৰং অস্পষ্ট। বুকুৰ অংশ শেঁতা বাদামী।
তথ্য অনুসৰি এই চৰাইবিধক চেপ্তেম্বৰৰ পৰা এপ্ৰিল মাহলৈকে দেখা যায়। শিলকতৰা এবিধ কীটভোজী চৰাই। চৰণীয়া পথাৰ, খেতিৰ বাবে চহাই থোৱা মাটি, জলাহভূমিৰ কাষৰিয়া অঞ্চলত ইহঁতক দেখা পোৱা যায়। এই পৰিভ্ৰমী চৰাইটোৰ শীতকালীন পৰিসৰ জাপানৰ পৰা থাইলেণ্ড আৰু ভাৰত, আৰু পশ্চিমে উত্তৰ-পূব আফ্ৰিকালৈকে। শিলকতৰাৰ বিচৰণ প্ৰকৃতিৰ কোলাত অটুট থাকক। আজিলৈ ইমানতে সামৰিলো…ধন্যবাদ 🙏🙏

Tell us about your thoughtsWrite message

Your email address will not be published. Required fields are marked *

Back to Top
Back to Top
Close Zoom
Copyright © 2023. Warning-Copy of any content,images is not allowed by the owner.