Travel
Close (Esc)

(84)#প্ৰকৃতিৰ_অলংকাৰ

(84)#প্ৰকৃতিৰ_অলংকাৰ

#দলম‘ৰা

অসমৰ আৰ্দ্ৰভূমি সমূহত দেখা এবিধ ধুনীয়া জলচৰ পক্ষী হৈছে দলম’ৰা। ইংৰাজীত ইহঁতক কোৱা হয় “Pheasant-tailed jacana”। আকাৰত ডাউকৰ সমান। চৰাইবিধক প্ৰথম দেখাৰ সৌভাগ্য ঘটিছিল চৰলাবিলৰ নিৰ্জন জলৰাশিত।
দ্বিতীয়বাৰ বহাগ বিহুৰ সময়ত যোৰহাটৰ এলেংমৰাৰ এক নিৰ্জন জলাহ অঞ্চলত যোৰপাতি বিচৰণ কৰা চকুত পৰিল নিচেই কাষৰ পৰা। এইয়াযে বহাগ! চঞ্চল বিহগীৰ মিলন সমাগত। অনিন্দ্য সুন্দৰ এই দলম’ৰাক বংগ ভাষাত “জল ময়ুৰ” বুলিও অভিহিত কৰিছে।
ইহঁতৰ লাহি দীঘল ডিঙিৰ প্ৰচ্ছদ অংশৰ সোণালী হালধীয়া বৰণে মন হৰে। চকু বাদামী-ক’লা। মূৰ, ডিঙিৰ সন্মুখ অংশ আৰু ডেউকাৰ পাখি শুভ্ৰ বগা। পিঠি, বুকু-পেট গাঢ় বাদামী আৰু দীঘল আঙুলিযুক্ত ঠেং দুখন ক’লা। মূৰ আৰু ডিঙিৰ বগা আৰু সোণালী হালধীয়া ৰং পৃথক কৰা গাঢ় বাদামী ৰেখাই সোণত শুৱগা চৰাইছে। ইহঁতৰ দীঘল নেজ অংশ ক’লা।
দলম’ৰা দল, ঘাঁহ-বন, পানী-মেটেকা আদিৰে পূৰ্ণ বিল, হ্ৰদ আৰু জলাশয়ত বাস কৰে। দেহ পাতল আৰু লাহি হোৱা হেতুকে দীঘল আঙুলি থকা ঠেং কেইটাৰ সহায়ত পানীত ভাসমান পাতৰ ওপৰত সহজে খোজ কঢ়ি পোক-পৰুৱা, জলজ উদ্ভিদৰ সৰু ডাল-পাত, শিপা আৰু বীজ খায়।
আজিকালি এই চৰাইবিধ কমকৈ চকুত পৰে। ইয়াৰ এটা সম্ভাব্য কাৰণ ইহঁতৰ বিচৰণ ক্ষেত্ৰৰ সংকোচন। প্ৰকৃতিৰ কোলাত কুশলে জীয়াই থাকক এই দলম’ৰা 🙏

What people talk 2 Comments

26 April 2024 Anurag Handique

I wanted to take a moment to express my sincere appreciation for your breathtaking nature and wildlife photography. Over the past year, I’ve been following your articles and each time I’m captivated by the beauty and wonder you capture in your images of birds, nature, and wildlife.

Your ability to showcase the magnificence of the natural world is truly remarkable. Whether it’s the graceful flight of a bird, the serene beauty of a forest landscape, or the raw power of wildlife in its natural habitat, your photography never fails to inspire awe.

Thank you for sharing your talent and passion for nature with the world. Your work not only showcases the beauty of our planet but also serves as a reminder of the importance of preserving and protecting our natural environment.

6 May 2024 prakritiralankar.com

Thanks a lot

Tell us about your thoughtsWrite message

Your email address will not be published. Required fields are marked *

Back to Top
Back to Top
Close Zoom
Copyright © 2023. Warning-Copy of any content,images is not allowed by the owner.