বহাগৰ এটি পুৱাতেই সপৰিয়ালে উপস্থিত হৈছিলোগৈ যোৰহাটৰ সমিপৱৰ্তী এলেংমৰা অঞ্চলৰ ঘাঁহ বনেৰে ভৰপূৰ বিশাল জলাশয় এটিৰ পাৰত। সেইয়া আছিল বহাগৰ এটা সেউজ স্নিগ্ধ পুৱা। চৌপাশে প্ৰকৃতিৰ নিমজ্জিত ৰূপ আৰু পুৱাৰ নিস্তব্ধতা। মাজে মাজে কপৌৰ ৰুন। অনামি চৰাইৰ সুৱদী কলৰৱত প্ৰকৃতি সাৰ পাই উঠিল। ইফাল সিফাল চালে ধৰিব নোৱাৰো কোনে কি মাত মাতিছে। ইয়াত আছে বহাগৰ কুলিৰ মাত। কেতেকীৰ মাত। ফিৰফিৰীয়া শীতল বতাহৰ পৰশ। এক নিৰ্মল পৰিৱেশ।
হথাৎ জলাশয়ৰ জলৰাশিত চকুত পৰিল সৰু হাঁহৰ দৰে কেইটিমান জলচৰ চৰাই। শৰীৰ গোলাকাৰ। সিহঁতে মোৰ উপস্থিতিৰ সংকেত দি সজাগ কৰিছে বাকীবোৰক। চৰাই কেইটি পানীত সাঁতোৰে আৰু মাজে মাজে ৰয়। লক্ষ্য কৰি থাকোঁতেই চকুৰ পলকতে ইহঁতে বহু সময় ধৰি ডুব মাৰি অন্তৰ্ধান হয় আৰু কৰবাত ওলায়গৈ। অসমীয়াত ইহঁতৰ নাম “পানী ডুবি”। ইংৰাজীত কোৱা হয় “Little Grebe”। মূৰৰ পাখিৰ বৰণ আৰু সৰু ঠোঁটটো ক’লা। ঠোঁটৰ কাষত বগা ৰং ধৰে। এই সময়ত ইহঁতৰ সৰু ডিঙিটো আৰু গলত উজ্জ্বল বাদামী-ৰঙা পাখি পৰিলক্ষিত হয়। নেজৰ তলৰ পাখি বগা। পানী ডুবিক য’তে ত’তে দেখা নাযায়। প্ৰথম দেখাৰ সৌভাগ্য ঘটিছিল চৰলাবিলৰ বিশাল জলৰাশিত শীতৰ এটা দিনত। সেই সময়ত ইহঁতৰ শৰীৰৰ বৰণ ছাই ক’লা। ইহঁতে সাধাৰণতে জলজ ঘাঁহ বন খায়। ইহঁত আমাৰ থলুৱা চৰাই। প্ৰকৃতিৰ কোলাত কুশলে জীয়াই থাকক এই “পানী ডুবি” 🙏




Tell us about your thoughtsWrite message