(86)#শিল _কপৌ

অসমত পোৱা কপৌ চৰাইৰ প্ৰজাতি সমূহৰ ভিতৰত সবাতোতকৈ সুন্দৰ শিল কপৌ। পক্ষীটিৰ ডেউকাৰ সেউজীয়া পাখিৰ চমকনিয়ে ইয়াৰ সৌন্দৰ্য্যক মূৰ্ত কৰি তুলিছে এক অনন্য ৰূপত। চৰাইটি লাজকুৰীয়া স্বভাৱৰ। অন্য কপৌৰ দৰে ৰুন দিয়ে। আকাৰত প্ৰায় পাৰ চৰাইৰ সমান। ইংৰাজীত ইহঁতক কোৱা হয় “Common Emerald Dove”। বৈজ্ঞানিক নাম “Chalcophaps indica”। শিল কপৌ তামিলনাডুৰ ৰাজ্যিক পক্ষী।
ইহঁতৰ দেহত আছে ৰঙৰ বৈচিত্ৰতা। সূৰ্যৰ পোহৰত পাখিৰ সেউজীয়া, নীলা আৰু ব্ৰঞ্জৰ দৰে ৰংবোৰৰ চমকনিয়ে দৃষ্টি কাঢ়ে। পোহৰৰ বিভিন্ন অৱস্থাত বিভিন্ন দিশৰ পৰা জিলিকি উঠে ইহঁতৰ সেউজ ডেউকা। এই পৰিঘটনাক “iridescence” বুলি কোৱা হয়। ঠোঁট উজ্জ্বল ৰঙা। কপাল আৰু মূৰ ঈষৎ ধোৱা নীলা। বুকু অঞ্চল বাদামি গুলপীয়া। পিঠিৰ পাখিৰ বৰণো সেউজীয়া। নেজ ক’লা চানেকীয়া।
নিৰ্জনতাপ্ৰিয় চৰাইটিয়ে মাটিত পৰি থকা গছৰ বিজ, দানা আদি খায়। খুব পুৱাতেই ইহঁত খাদ্যৰ সন্ধানত ওলাই যায়। গছৰ ডালত বহি বাকি সময় কটাই। ইহঁত খুব সতৰ্ক। শব্দ হ’লেই দ্ৰুত বেগেত উৰি যায়। অৰণ্যৰ ভিতৰত কম উচ্চতাত ইহঁত দ্ৰুত গতিত উৰিব পাৰে। বৰ্ষাৰ কালৰ আগে আগে ইহঁতৰ প্ৰজনন আৰম্ভ হয়।
কাঠনি, বাহ-বন ইহঁতৰ আশ্ৰয়স্থল। ইহঁতে চিৰসেউজ অৰণ্যত বসবাস কৰে। তথ্য অনুসৰি ভাৰত, বাংলাদেশ, ভূটান, নেপাল, ইণ্ডোনেছিয়া, চিন আদি দেশত ইহঁতক পোৱা যায়। IUCNএ ইহঁতক আশঙ্কাহীন প্ৰজাতি হিচাপে তালিকাভুক্ত কৰিছে যদিও কোনো কোনো ঠাইত ইহঁতৰ সংখ্যা আশংকাজনক হাৰত কমি গৈছে। একালত সমগ্ৰ অসমতে ইহঁতক মুক্ত ভাৱে দেখা গৈছিল। সৰুতে গছৰ তলত জাক পাতি চৰা দেখিছিলো শিল কপৌৰ জাক। কিন্ত্তু চিকাৰীৰ কবলত পৰি তথা ক্ৰমাগত অৰণ্য সংকোচনৰ হেতু ইহঁতক এতিয়া মুকলিকৈ দেখা পোৱা নাযায়। অসমৰ বিভিন্ন অৰণ্য অঞ্চল যেনে কাজিৰঙা, দিহিং পাটকাই, গিবন অভয়াৰণ্য, মানাহ, নামবৰ সংৰক্ষিত বনাঞ্চল আদিত শিল কপৌ দেখিবলৈ পোৱা যায়।
গোলাঘাটৰ আৰণ্যক সুষমাৰে সমৃদ্ধ নামচনীয়া গাৱত শিল কপৌক নিচেই কাষৰ পৰা দেখাৰ সৌভাগ্য ঘটিছিল কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা প্ৰকৃতিপ্ৰেমী শ্ৰদ্ধাৰ অচ্যুত কুমাৰ বৰা ডাঙৰীয়া আৰু তেখেতৰ পৰিবাৰৰ সহযোগত। দুৰ্ঘটনাত আহত হোৱা শিল কপৌ এটিক সুস্থ কৰি মোৰ উপস্থিতিতে তেওঁলোকে অৰণ্যত মুক্ত কৰি দিছিল। তেখেত সকল আগৰ পৰাই পক্ষী উদ্ধাৰ কাৰ্য্যত নিয়োজিত। তেখেত সকলৰ সলাগ ল’লো। এনে প্ৰকৃতিপ্ৰেমীৰ প্ৰকৃতিৰ প্ৰতি থকা শ্ৰদ্ধাই প্ৰকৃতিৰ সন্তানক জীয়াই থকাত সহায় কৰক। ধন্যবাদ 🙏

Tell us about your thoughtsWrite message

Your email address will not be published. Required fields are marked *

Back to Top
Back to Top
Close Zoom
Copyright © 2023. Warning-Copy of any content,images is not allowed by the owner.