অসমত সাধাৰণতে চকুত পৰে তিনিবিধ হেটুলুকা। ইয়াৰে এবিধ নীলকণ্ঠী হেটুলুকা। এই থলুৱা চৰাইটি আকাৰত শালিকাতকৈ সামান্য সৰু। ৰঙীণ চৰাইটিৰ দেহত ৰঙৰ বৈচিত্ৰতাৰ মাজেৰে সৃষ্টিকৰ্তাই যেন সানি দিলে ৰঙা, নীলা, সেউজীয়া ৰংবোৰ। কপালৰ পৰা মূৰলৈকে টিক টিক কৈ ৰঙা অংশটো দেখাত মুকুটৰ দৰে। ডাঙৰ ঠোঁটটোৰ পিছৰ অংশটো হাতী দাঁতৰ দৰে বগা আৰু আগ অংশটো ধোৱা ক’লা। এই মজবুত ঠোঁটৰ সহায়ত বটালিৰ দৰে গছৰ গাত ইহঁতে ধোন্দ খান্দে। ৰঙচুৱা বলয়ৰে আবৃত দুচকুৰ চেলাউৰিৰ চাৰিওকাষ আৰু ঠুতৰিৰ তলৰ পৰা কণ্ঠলৈকে উজ্বল নীলা। সেয়েই নাম পালে নীলকণ্ঠী হেটুলুকা। ইংৰাজীত কোৱা হয় “Blue-throated Barbet”। ইহঁতৰ পিঠি আৰু দেহৰ সৰহভাগ অংশ কলগছৰ কুমলীয়া পাতৰ দৰে সেউজীয়া।
গছৰ সেউজীয়া পাতৰ মাজত এনেদৰে মিলি থাকে যে মাতটো শুনিলেও চৰাইটি সহজে চকুত নপৰে। সাধাৰণতে আম, চতিয়না আদি গছৰ ওখ ডালত দেখা পোৱা যায়। ফল-মূল ধৰা গছত খাদ্যৰ সন্ধান কৰে। বৰ সতৰ্ক চৰাইটি। কাষ চাপিলেই নিমাত হৈ নিজৰ উপস্থিতিৰ উমান নিদিয়ে।
বহাগ অহাৰ লগে লগে হেটুলুকাৰ সঘন মাতত চৌদিশ ৰজনজনাই উঠে। নামাতিবৈবা কিয়? বহাগ যে হেটুলুকাৰ প্ৰনয়ৰ কাল। পুৱাৰ পৰা আবেলিলৈকে ইহঁতৰ মাত শুনিবলৈ পোৱা যায়। ঘনকৈ “টুক-এ-ৰুক টুক-এ-ৰুক” বুলি মতা যেন লাগে।
বহাগৰ এটা দিনৰ কথা। এই মাতটো শুনি চৰাইটি চাবৰ বাবে বহু সময় ধৰি অপেক্ষা কৰিলো গছৰ কাষত। ৰৈ ৰৈ দেখা নাপালো। অৱশেষত বিফল মনোৰথ লৈ উভতিলো। হথাৎ তাৰ মাত শুনি আকৌ উভতি গ’লো। অৱশেষত মোক আচৰিত কৰি মুখৰ আগতে ৰ’লহি। কৈ উঠিল যেন “মোৰ কিমান ফটো লাগে লৈ লোৱা”। মইও হেপাহ পলুৱাই চৰাইটিৰ বিভিন্ন ভংগীমাৰ ফটোগ্ৰাফী কৰিলো।
আজিলৈ ইমানতে সামৰিলো। ধন্যবাদ 🙏
Back to
Top
Tell us about your thoughtsWrite message