গ্ৰীষ্মৰ আৰম্ভণিৰ লগে লগে প্ৰজননৰ উদ্দেশ্যে দূৰ দিগন্তৰ পৰা বহু যোজন মাইল অতিক্ৰমি কিছুমান পৰিভ্ৰমী চৰাই অসমলৈ আহে। ইয়াৰ ভিতৰত নীলানেজি মৌখাটি বা জিঞাখাটী চৰাই অন্যতম। ইংৰাজীত কয় “blue-tailed bee-eater”। অসমত সাধাৰণতে চাৰিবিধ মৌখাটি উপলব্ধ (Asian green bee-eater, blue-tailed bee-eater, chestnut-headed bee-eater, blue- bearded bee-eater)।
মৌখাটিৰ ঠোঁটটো সামান্য ধেনুভিৰীয়া, ক’লা, মসৃন আৰু চিকাৰৰ বাবে বেছ মজবুত। শূন্যতে উৰি মৌ বা জিঞা ধৰে। গছৰ ডালত বা বৈদ্যুতিক তাঁৰত থেকেচি আছাৰী খায়। শস্যৰ পথাৰতো পোক-পতংগ খাই কৃষকক সহায় কৰে। ইহঁতৰ খাদ্য তালিকাত মাখি, বিছা, পলু, পখিলা আদিও আছে।
নীলানেজি মৌখাটি আকাৰত প্ৰায় বুলবুলি চৰাইৰ সমান। চকুযুৰিত সংলগ্ন কাজল ক’লা চেলাউৰিয়ে দৃষ্টি কাঢ়ে। চকুৰ মণিত আছে সুন্দৰ ৰঙা বলয়। মূৰৰ অংশৰ পাখি ঈষৎ মুগা আৰু জলফাই ৰঙৰ সংমিশ্ৰণ। ডিঙি গাঢ় মুগা (maroon) পাখিৰে উদ্ভাসিত। নেজ নীলা। প্ৰাপ্তবয়স্ক চৰাইৰ এডাল কেন্দ্ৰীয় ফিচাও থাকে। ডেউকা তথা পিঠিৰ বৰ্ণিল পাখি সাতোৰঙী আভাৰে উদ্ভাসিত (দৃষ্টিকোন সাপেক্ষে)। এই সাতোৰঙী চিকমিকনিক ইংৰাজীত কোৱা হয় “iridescence”।
ব্ৰহ্মপুত্ৰৰ নৈপৰীয়া অঞ্চল সমুহ চৰাইবিধৰ অন্যতম প্ৰজনন ক্ষেত্ৰ। নৈ বা জলাশয় বা মথাউৰিৰ ঠিয় ৰ’দঘাই ওখ গড়াবোৰতে ইহঁতে প্ৰজননৰ উদ্দেশ্যে কিছুমান গাত খান্দি আবাস কক্ষ নিৰ্মাণ কৰে। পৰিভ্ৰমণৰ সময়ত পুৰুষ চৰাইবোৰে প্ৰব্ৰজন স্থলীত প্ৰথমে উপস্থিত হৈ ৰ’দঘাই আৰু নিৰাপদ স্থান দখল কৰি শ্ৰেষ্ঠতম বাহ সজাৰ প্ৰতিদ্বন্দিতা কৰে। নিখুঁত বাহে মাতৃ চৰাইক অনুসৰণ কৰাত অধিক গুৰুত্ব প্ৰদান কৰে। প্ৰাপ্তবয়স্ক চৰায়ে নিখুঁত সংগী বিচাৰি একেলগে সন্তান ডাঙৰ-দীঘল কৰে।
Back to
Top
Tell us about your thoughtsWrite message